ঋতু পৰ্ণ শৰ্মা,নগাঁও,১৪মে’:–১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পাছত গৌৰৱময় আহোম ৰাজ্যৰ ৬০০ বছৰীয়া ৰাজত্বৰ অৱসান ঘটিছিল যদিও ৰজাসকলৰ সামাজিক মৰ্যদা অলপো সলনি হোৱা নাছিল । মধ্য অসমৰ কৰতলীয়া পাঁচো ৰাজ্যৰ টোপাকুছী,বাৰপূজীয়া, মিকিৰ ৰাজ্য,খড়া আৰু খাইগড় ৰাজ্যৰ একাধিক ৰাজ্যত আজিও অতীতৰ সেই ৰাজকীয় সামাজিক পৰম্পৰা প্ৰচলিত হৈ আছে । প্ৰচলিত হৈ আছে ৰাজ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা বিভিন্ন কৃষ্টি-সংস্কৃতি,ধৰ্মীয় অনুষ্ঠান,খেলা-ধূলা আদি । ৰজাৰ পৰিয়ালৰ পুৰুষ উত্তৰাধিকাৰীয়ে ৰজা হোৱাৰ যোগ্যতা পোৱাতো । উল্লেখযোগ্য যে স্বাধীনতাৰ পাছত বাৰপূজীয়া ৰাজ্যৰ ৰজাসকলৰ ভিতৰত এই বছৰলৈকে ৰজাৰ আসনত অধিষ্ঠিত আছিল ৰামসিং ডেকাৰজা । বৰ্তমান বাৰ্ধক্যজনিত কাৰণত ৰজাৰ পৰলোক ঘটিছিল।
সেয়ে বাৰপূজীয়া ৰাজ্যৰ বাৰ খেলিয়া তিৱা ৰাজদৰবাৰ অনুষ্ঠিত কৰি ৰাজ পৰিয়ালৰ মুকুন্দ ডেকা ৰজাক আনুষ্ঠানিক ভাৱে আসনত অধিষ্ঠিত কৰে । সেই উপলক্ষে ৰবিবাৰে পৰম্পৰাগত ভাৱে চলি অহা প্ৰথা অনুসৰি ৰবিবাৰে পুৱাৰ পৰা বিভিন্ন মাংগলিক অনুষ্ঠান কৰি জয়ধ্বনি দি,ৰজাক আয়তিসকলে মাহ- হালধিৰে নুৱাই-ধুৱাই,তুলসী-চন্দন ঘঁহি,নৱ বস্ত্ৰ পৰিধান কৰাই, বৰঢোল,পাতিঢোল বজাই আদৰি আনি ৰজাৰ আসনত বহুৱাই । উল্লেখ্য যে সমগ্ৰ অনুষ্ঠানটিৰ আঁত ধৰে বিশিষ্ট সমাজকৰ্মী বলীন্দ্ৰ ডেকা ৰজা আৰু হেমন্ত কুমাৰ দেউৰীয়ে । অনুষ্ঠানত ৰাজ দৰবাৰৰ সভাপতি জুৰসিং বৰদলৈ,গোভা ৰজা দ্বীপ সিং দেওৰজা প্ৰমুখ্যে বাৰজন তিৱা ৰজা,তিৱা সাহিত্য সভাৰ সম্পাদক ড° বিদ্যুৎ সেনাপতি,তিৱা সাংস্কৃতিকদলৰ বহু কেইজন শিল্পী আৰু গণ্য-মান্য লোক উপস্থিত থাকে । উল্লেখযোগ্য যে,বৃহত্তৰ বাৰপূজীয়া অঞ্চলৰ জাতি-ধৰ্ম- ভাষা নিৰ্বিশেষে অতীতৰ বাৰপূজীয়া ৰাজ্যৰ যি একতাৰ এনাজৰী আছিল,সেয়া আজিও মিলনৰ সেতু হিচাপে কটকটীয়া হৈ আছে আৰু থাকিব ।