১০০ কোটি টকাৰ মানহানিৰ গোচৰত সোমবাৰে পঞ্জাৱৰ ছংগ্ৰুৰ আদালতে চমন জাৰি কৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক। কৰ্ণাটকত কংগ্ৰেছ ক্ষমতালৈ আহিলে বজৰং দলত নিষেধাজ্ঞা আৰোপ কৰা হ’ব বুলি কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰিছে । শনিবাৰে কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ১৩৫খন আসন লাভ কৰি ৰাজ্যখন দখল কৰে। ইয়াৰ মাজতে বজৰংগ দল হিন্দুস্তান নামৰ এটা সংগঠনৰ সভাপতি হিতেশ ভৰদ্বাজে ইস্তাহাৰ সন্দৰ্ভত কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰে। সেই গোচৰত আদালতে খৰ্গেক চমন কৰা হৈছে ৷
কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত কোৱা হৈছে-, “ধৰ্ম, জাতিৰ ভিত্তিত সম্প্ৰদায়ৰ মাজত ঘৃণা বিয়পোৱা ব্যক্তি আৰু সংগঠনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কংগ্ৰেছে বদ্ধপৰিকৰ।” দলৰ ইস্তাহাৰত সন্নিৱিষ্ট প্ৰতিশ্ৰুতিৰ বিষয়ে ব্যাখ্যা কৰি কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে, জাতি-ধৰ্মৰ ভিত্তিত জনগোষ্ঠীৰ মাজত ঘৃণা বিয়পোৱা ব্যক্তি আৰু সংগঠনৰ বিৰুদ্ধে কংগ্ৰেছে কঠোৰ আৰু নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
কংগ্ৰেছে শনিবাৰে বিপুল ব্যৱধানত জয়লাভ কৰি কৰ্ণাটক দখল কৰে। লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক অধিক অক্সিজেন দিছে। কৰ্ণাটকত নতুন চৰকাৰ গঠনৰ পূৰ্বে সংগঠনটোৱে কংগ্ৰেছৰ ইস্তাহাৰক লৈ আদালতত গোচৰ দাখিল কৰে ৷৷