দিল্লীকে ধৰি উত্তৰ ভাৰতৰ বৃহৎ অঞ্চলত প্ৰচণ্ড গৰমত দহিছে সাধাৰণ লোক। ইয়াৰ সমান্তৰালভাৱে মৌছম ভৱনে গ্ৰীষ্মপ্ৰৱাহৰ সতৰ্কবাণী জাৰি কৰিছে। দিল্লীত দৃশ্যমানতাৰ নতুন সমস্যা। সোমবাৰে দিল্লীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল ৪১.৩ ডিগ্ৰী চেলছিয়াছ । সৰ্বনিম্ন উষ্ণতা আছিল ২৫ ডিগ্ৰী চেলছিয়াছ। মৌসম ভৱনে কয় যে আপাততঃ ৰাজধানীৰ লোকসকলে আজিৰ পৰা দুদিন ধৰি এই তীব্ৰ গৰমৰ পৰা সকাহ পাব পাৰে। ৰাজধানীত মঙলবাৰৰ পৰা দুদিনলৈ পাতল বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ কিন্তু তাৰ পিছত আকৌ গৰম বাঢ়িব। দিল্লীৰ পাৰাস্তম্ভ পুনৰ ৪০ ডিগ্ৰী চেলছিয়াছৰ সীমা অতিক্ৰম কৰিব।
বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আগন্তুক দুদিন দিল্লীত সামান্য বৰষুণ হ’ব পাৰে। অৱশ্যে ৰাজধানীত ধূলিৰ ধুমুহাৰ সম্ভাৱনা আছে। বতাহত ধূলিৰ পৰিমাণ ইমানেই বৃদ্ধি পাইছে যে দৃশ্যমানতাও কমি আহিছে। স্থানীয় সূত্ৰৰ মতে, পুৱা ৬ বজাৰ পৰা মহানগৰীৰ বতাহত অতিৰিক্ত ধূলি দেখা যায়। বিমানবন্দৰৰ সন্মুখৰ দৃশ্যমানতা ১১০০ মিটাৰলৈ হ্ৰাস পাইছে। ফলত বিমান যাতায়তৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হৈছে।
ৰাজস্থানত ঘূর্ণীবতাহ দিয়াৰ বাবেই দিল্লীৰ বতাহত অতিৰিক্ত ধূলিৰ পৰিমান বাঢ়িছে । এই ঘূৰ্ণীবতাহৰ ফলত ৰাজস্থান, পঞ্জাৱ আৰু হাৰিয়ানাৰ ওপৰতো পাতলীয়া বৰষুণ হ’ব পাৰে। এতিয়াৰ বাবে ওড়িশাত বৰষুণৰ সম্ভাৱনা নাই বুলি মৌছম ভৱনে জানিবলৈ দিয়ে। পশ্চিমবংগ আৰু অন্ধ্ৰপ্ৰদেশৰ কিছু অংশত গ্ৰীষ্ম প্ৰৱাহ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।
ইফালে বতৰ বিজ্ঞান বিভাগে মঙলবাৰৰ পৰা অহা তিনিদিনলৈ উত্তৰ-পূবৰ ৰাজ্যসমূহত প্ৰচুৰ বৰষুণ হোৱাৰ আগজাননী দিছে ৷ অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, অসম, মেঘালয়, নাগালেণ্ড, মিজোৰামত হ’ব পাৰে ধাৰাসাৰ বৰষুণ। পূব অৰুণাচল আৰু মেঘালয়ত ১৯ মে’লৈকে প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে। মৌসম ভৱনে মঙলবাৰে মধ্যপ্ৰদেশ, ছিকিম আৰু পশ্চিম বংগৰ পাহাৰীয়া অঞ্চলত বৰষুণ আৰু বজ্ৰপাতৰ সম্ভাৱনা থকা বুলিও জানিবলৈ দিয়ে।