পশ্চিমবংগ, ছত্তীশগড়কে ধৰি কেইবাখনো অবিজেপি শাসিত ৰাজ্যত বিভিন্ন ধৰণৰ বিত্তীয় কেলেংকাৰিৰ অভিযোগৰ তদন্ত এনফর্চমেণ্ট সঞ্চালকালয়ে অব্যাহত ৰাখিছে। ছত্তীশগড় চৰকাৰৰ এটা গোচৰৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় সংস্থাটোক ‘সতৰ্ক কৰি দিছে’। দেশৰ শীৰ্ষ ন্যায়ালয়ে কেন্দ্ৰীয় সংস্থাটোক কয় যে তদন্তৰ স্বাৰ্থত ভয়ৰ পৰিৱেশ সৃষ্টি কৰাটো উপযুক্ত নহয়।
ছত্তীশগড় চৰকাৰে উচ্চতম ন্যায়ালয়ক অৱগত কৰে যে ৰাজ্যৰ আবকাৰী বিভাগৰ কেইবাগৰাকীও বিষয়াক ইডিৰ বিষয়াই এটা গোচৰৰ পিছত ভাবুকি প্ৰদান কৰিছে। সুৰা কেলেংকাৰীত মুখ্যমন্ত্ৰী ভূপেশ বাঘেল জড়িত বুলি অভিযোগ কৰি ইডিয়ে শংকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে। ন্যায়াধীশ এছ কে কৌল আৰু ন্যায়াধীশ আমানুল্লাহৰ বিভাগীয় বিচাৰপীঠে ই ডিক কয় যে এইদৰে ভয়ৰ পৰিৱেশ সৃষ্টি কৰাটো উপযুক্ত নহয়।
আদালতত ছত্তীশগড় চৰকাৰৰ হৈ যুক্তি আগবঢ়ায় অধিবক্তা কপিল ছিবালে। তেওঁ কয়,’এনফর্চমেণ্ট সঞ্চালকালয়ে অস্থিৰ ৰূপত কাম কৰি আছে। তদন্তৰ সময়ত আবকাৰী বিষয়াক ভাবুকি দিছে।” আনহাতে, ইডিৰ হৈ হাজিৰ হোৱা অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে এই অভিযোগ মানি ল’ব বিচৰা নাছিল। ইডিয়ে কেৱল সুৰা কেলেংকাৰীৰ সৈতে জড়িত গোচৰৰ তদন্ত কৰি আছে বুলিও তেওঁ কয়। উচচতম ন্যায়ালয়ে দুয়োপক্ষৰ মতামত শুনি সেই মন্তব্য কৰে।
উল্লেখ্য যে ছত্তীশগড়ত সুৰা ব্যৱসায়ৰ সকলো দিশ ৰাজ্য চৰকাৰে নিয়ন্ত্ৰণ কৰে। তাত কোনো ব্যক্তিগত সুৰাৰ দোকানৰ অনুমতি নাই। ছত্তীশগড়ত প্ৰায় ৮০০ খন সুৰাৰ দোকান ৰাজ্যৰ দ্বাৰা পৰিচালিত। কিন্তু সুৰা ব্যৱসায়ত দুৰ্নীতিৰ বহু অভিযোগ উত্থাপন হৈছিল। শেহতীয়াকৈ ইডিয়ে এক বিবৃতিত দাবী কৰিছে যে ছত্তীশগড়ত প্ৰতিটো সুৰাৰ বটল বিক্ৰীৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত হৈছে। সুৰা ব্যৱসায়ৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰা হয় । প্ৰায় ২ হাজাৰ কোটি টকাৰ দুর্নীতি সংঘটিত হৈছে ৷!