ৱাশ্বিংটনৰ এখন ফেডাৰেল আদালতে ২৬/১১ মুম্বাই আক্ৰমণৰ অন্যতম অভিযুক্ত পাকিস্তানত জন্মগ্ৰহণ কৰা কানাডাৰ ব্যৱসায়ী টাহাউৰ ৰানাক প্ৰত্যাৰ্পণৰ নিৰ্দেশ দিছে। দুবছৰমান পূৰ্বে নতুন দিল্লীয়ে ২০০৮ চনৰ সন্ত্ৰাসবাদী আক্ৰমণৰ অভিযুক্ত ৰাণাক প্ৰত্যাৰ্পণৰ বাবে অনুৰোধ জনাইছিল। মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ চৰকাৰেও ভাৰতৰ এই আবেদনৰ প্ৰতি সঁহাৰি জনাই ৰাণাক আদালতলৈ প্ৰেৰণ কৰে ৷
প্ৰায় ডেৰ দশক পূৰ্বে নতুন দিল্লীয়ে ৱাশ্বিংটনক আবেদন জনাইছিল যে মুম্বাই আক্ৰমণৰ অন্যতম অভিযুক্ত ডেভিদ ক’লমেন হেডলীৰ দীৰ্ঘদিনীয়া বন্ধু ৰানাক ভাৰতলৈ প্ৰত্যার্পণ কৰিব লাগে ৷ কিন্তু সেয়া সম্ভৱ নহ’ল ৷ পিছত জামিনত ৰাণাক মুকলি কৰি দিয়া হয়। কিন্তু ভাৰতে অভিযোগ কৰে যে ২০০৮ চনৰ ২৬ নৱেম্বৰত পাকিস্তানৰ পৰা অহা ১০টা লস্কৰ-ই-তৈবা উগ্ৰপন্থীয়ে মুম্বাই আক্ৰমণৰ পৰিকল্পনাত ৰাণা প্ৰত্যক্ষভাৱে জড়িত আছিল।
‘ .
ইয়াৰ পিছত ১৯৯৭ চনৰ দ্বিপাক্ষিক কয়দী প্ৰত্যাৰ্পণ চুক্তি অনুসৰি ভাৰতে পুনৰ আবেদন কৰাৰ সময়ত ২০২০ চনৰ জুন মাহত মুম্বাই আক্ৰমণৰ গোচৰত আমেৰিকান আৰক্ষীয়ে পুনৰ ৰাণাক গ্ৰেপ্তাৰ কৰিছিল। কেলিফৰ্ণিয়াৰ এখন আদালতত ৰাণাই জামিন আবেদন দাখিল কৰিছিল যদিও ডেৰ বছৰ পূৰ্বে জামিন আবেদন নাকচ হৈছিল। ফলত তেওঁক প্ৰত্যাৰ্পণৰ পথ প্ৰশস্ত হৈ পৰে।