শৰীৰত পেচমেকাৰ স্থাপন কৰাৰ পাছতো ভাৰতৰ চুজেন লিওপলডিনা জিছুছে বিশ্বৰ সৰ্বোচ্চ শৃংগ এভাৰেষ্ট জয় কৰিব বিচাৰিছিল। তেওঁ এটা নজিৰ স্থাপন কৰিব বিচাৰিছিল। কাৰো বাধা তেওঁ মানা নাছিল ৷ কিন্তু এভাৰেষ্টৰ বেছ কেম্পত অসুস্থ হৈ পৰা ৫৯ বছৰীয়া ভাৰতীয় অভিযাত্ৰী গৰাকীৰ মৃত্যু হয় ।
নেপালৰ পৰ্যটন বিভাগৰ মুৰব্বী যুৱৰাজ খাতিৱাদাই কয় যে এভাৰেষ্টৰ বেছ কেম্পত বিশেষ অনুশীলনৰ সময়ত চুজেন অসুস্থ হৈ পৰে। তেওঁক কাঠমাণ্ডুৰ লুকলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। তাতেই তেওঁৰ মৃত্যু হয়।
বেচ কেম্পত পৰ্বতাৰোহীসকলক এক বিশেষ ধৰণৰ প্ৰশিক্ষণ দিয়া হয়। তাত থকা বেছ কেম্পৰ পৰা ২৫০ মিটাৰ দৈৰ্ঘ্যৰ পাহাৰটো বগাবলৈ চুজেনক প্ৰথমবাৰৰ বাবে ৫ ঘণ্টা সময় লাগিছিল। দ্বিতীয় প্ৰচেষ্টাত ৬ ঘণ্টা সময় লাগিছিল। তৃতীয়বাৰৰ বাবে ১২ ঘণ্টা সময় লাগিল। য’ত আন পৰ্বতাৰোহীয়ে ১৫ৰ পৰা ২০ মিনিট সময় লয়। এই অভিযান সংগঠনৰ মুৰব্বী ডেণ্ডী শ্বেৰ্পাই নেপাল পৰ্যটন বিভাগলৈ পত্ৰ প্ৰেৰণ কৰি কয় যে চুজেনৰ বাবে ৮,৮৪৮ মিটাৰ উচ্চতাৰ এভাৰেষ্ট অভিযান কৰাটো সম্ভৱ নহয়।
চুজেনে তেওঁলোকৰ কথা নুশুনিলে। তেওঁ আয়োজক সংস্থাক জনাইছিল যে তেওঁ এভাৰেষ্ট অভিযানৰ অনুমতি ল’বলৈ প্ৰয়োজনীয় ধন জমা কৰি ৰাখিছে। এতিয়া পিছুৱাই নাযায়। তেওঁ পেচমেকাৰেৰে এভাৰেষ্ট জয় কৰি এক নজিৰ গঢ়িব বিচাৰিছিল বুলি সংগঠনটোৱে জনায়। বৃহস্পতিবাৰে তেওঁৰ মৃত্যু হয়। মৃত্যুৰ পিছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে কাঠমাণ্ডু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। শুকুৰবাৰে সন্ধিয়ালৈকে কাঠমাণ্ডু পাবগৈ চুজেনৰ পৰিয়াল।
বৃহস্পতিবাৰে এভাৰেষ্ট অভিযানত এজন চীনা অভিযাত্ৰীৰ মৃত্যু হয়। এই ছিজনত এভাৰেষ্ট অভিযানৰ সময়ত মুঠ ৮ জন লোকৰ মৃত্যু হয়।