ভাৰতীয় ষ্টেট বেংকে পুনৰবাৰ সতৰ্ক কৰিছে গ্ৰাহকসকলক। উল্লেখ্য যে পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড সংযুক্ত নকৰিলে বন্ধ হৈ যাব বেংক পৰিসেৱা। ৩০ চেপ্তেম্বৰৰ ভিতৰত গ্ৰাহকসকলে কৰিব লাগিব এই কাম। ষ্টেট বেংকে টুইটাৰ একাউন্টৰ জৰিয়তে এই কথা জনাইছে ।
উল্লেখ্য যে ষ্টেট বেংকে জনোৱা মতে পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড সংযুক্ত নকৰিলে একাউন্ট নিষ্ক্ৰিয় বুলি গণ্য কৰা হ’ব।
আয়কৰ আইনৰ ১৩৯ এ এ ধাৰা অনুসৰি আয়কৰ বিভাগৰ কাৰ্যালয়ত গ্ৰাহকে পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ নম্বৰ জমা দিব লাগিব। আধাৰ কাৰ্ড জমা নিদিলে পান কাৰ্ডৰ বৈধতাও শেষ হৈ যাব বুলি জানিবলৈ পোৱা গৈছে।
পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰিবলৈ কি কৰিব লাগিব সেই কথা উল্লেখ কৰা হ’ল-
- আয়কৰ বিভাগৰ কাৰ্যালয়ত অফিচিয়েল ৱেবচাইটৰ ই-ফিলিং পৰ্টেললৈ যাব লাগিব।
- আধাৰ অপচনত থকা লিংকত ক্লিক কৰিব লাগিব।
- পান নম্বৰ আৰু আধাৰ নম্বৰ তাত নথিভূক্ত কৰিব লাগিব।
- ইয়াৰ পাচত তাত থকা কেপচা ক’ড সঠিকভাৱে পূৰণ কৰিব লাগিব।
- লিংক আধাৰ অপচনত ক্লিক কৰাৰ পাচতেই আধাৰ আৰু পান কাৰ্ড লিংক হৈ যাব।
আনহাতে আয়কৰ কাৰ্যালয়ত এছ বি আই গ্ৰাহকৰ নাম , বয়স আদিবোৰ দিয়াৰ পাচতহে এই প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব।
ভাৰতীয় ষ্টেট বেংকে অনতিপলমেই ৩০ চেপ্তেম্বৰৰ ভিতৰত এই কাৰ্য কৰিবলৈ গ্ৰাহকক পৰামৰ্শ আগবঢ়াইছে।