শেহতীয়াকৈ ব্ৰিটেইনৰ ৰজা হিচাপে অভিষেক সম্পন্ন হয় তৃতীয় চাৰ্লছৰ। ইয়াৰ মাজতে তেওঁৰ ধন-সম্পত্তিৰ পৰিমাণৰ বিষয়ে আলোচনা আৰম্ভ হৈছে ৷ তেওঁৰ পুত্ৰই ব্যক্তিগত সম্পদৰ ক্ষেত্ৰত ব্ৰিটেইনৰ প্ৰয়াত ৰাণী দ্বিতীয় এলিজাবেথক অতিক্ৰম কৰিছে। ব্ৰিটেইনৰ বৰ্তমানৰ ৰজাৰ সম্পত্তি ৰাণীতকৈ দুগুণ বেছি।
এই মুহূৰ্তত ব্ৰিটেইনৰ ৰজাৰ সম্পত্তি প্ৰায় ৬ হাজাৰ ১০০ কোটি। যোৱা ছেপ্টেম্বৰ মাহলৈকে দ্বিতীয় ৰাণী এলিজাবেথৰ সম্পত্তিৰ মূল্য আছিল প্ৰায় ৩৮০০ কোটি টকা। যোৱা বছৰৰ ৮ ছেপ্টেম্বৰত দ্বিতীয় ৰাণী এলিজাবেথৰ মৃত্যু হৈছিল। তেওঁৰ মৃত্যুৰ পিছত তৃতীয় চাৰ্লছ তেওঁৰ উত্তৰাধিকাৰী হয়।
এই মাহত তৃতীয় চাৰ্লছক ৰজাৰ মুকুট পিন্ধোৱা হৈছে। ৭৪ বছৰীয়া তৃতীয় চাৰ্লছ ব্ৰিটিছ ৰাজপৰিয়ালৰ আটাইতকৈ বয়সীয়াল সদস্য হিচাপে পৰিগণিত হৈছে। ৰাজ অভিষেকৰ কিছুদিনৰ ভিতৰতে ৰজাৰ সম্পত্তিৰ পৰিমাণক লৈ আলোচনা আৰম্ভ হৈছে ৷
তৃতীয় চাৰ্লছ ৰজাৰ মালিকানাধীন সম্পত্তিসমূহৰ ভিতৰত চেণ্ড্ৰিংহাম পেলেচ আৰু বালম’ৰাল পেলেচ অন্যতম। পূৰ্বে ছেণ্ড্ৰিংহাম পেলেচৰ মূল্য আছিল ৫৬৭ কোটি টকা। কিন্তু, বৰ্তমান এই ৰাজপ্ৰসাদৰ দাম ২৫০০ কোটি টকা। বালমোৰাল পেলেচৰ মূল্য ৬১৯ কোটি।