ঝাৰখণ্ডৰ ৰাচীৰ এগৰাকী মহিলাই একেলগে ৫টা সন্তান জন্ম দিয়ে। সোমবাৰে ৰাঁচীৰ ৰিমছ হাস্পতালত ৫টা সন্তান জন্ম দিয়ে মহিলাগৰাকীয়ে। চিকিৎসকে মাতৃ আৰু ৫টা নৱজাতক সুস্থ বুলি জানিবলৈ দিয়ে।
ৰাঁচী হাস্পতাল কৰ্তৃপক্ষই টুইট কৰি এই খবৰ প্ৰকাশ কৰিছে। মহিলাগৰাকী ঝাৰখণ্ডৰ চটাৰ অঞ্চলৰ বাসিন্দা। চিকিৎসক সচিবালা সিঙৰ তত্বাৱধানত প্ৰসৱ কৰে মহিলাগৰাকীয়ে। চিকিৎসকে কয় যে নৱজাতকৰ ওজন কম। এন আই চি ইউত ৰখা হয়। চিকিৎসকে শিশুকেইটাক পৰ্যবেক্ষণত ৰাখিছে।
একেলগে ৫টা সন্তান জন্ম দিয়াৰ খবৰটো নতুন নহয়। ২০১৪ চনত মণিপুৰৰ এগৰাকী মহিলাইও ৫টা সন্তান জন্ম দিছিল। কিন্তু সেই সময়ত ৫ সন্তানৰ মাজত এগৰাকী কন্যাৰ মৃত্যু হয়। চলিত বৰ্ষত বাংলাদেশৰ জামালপুৰত এগৰাকী মহিলাই একে সময়তে ৪ গৰাকী কন্যা সন্তান জন্ম দিয়ে। ২০১৯ চনত উত্তৰ প্ৰদেশৰ গোণ্ডা অঞ্চলত এগৰাকী মহিলাই একেলগে ৪টা সন্তান জন্ম দিছিল। যোৱা বছৰ ওড়িশাৰ এগৰাকী মহিলাইও একেলগে ৪টা সন্তান জন্ম দিছিল। একেলগে ৪টাতকৈ অধিক সন্তান জন্ম হোৱাৰ দৃষ্টান্তও দেখা গৈছে। মৰক্কোৰ এগৰাকী মহিলাই যোৱা বছৰ একেলগে ৯টা সন্তান জন্ম দি এক নজিৰ গঢ়ি তুলিছিল। গিনিজ বুক অৱ ৱৰ্ল্ডত তেওঁৰ নাম অন্তভুর্ক্ত হৈছে