VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অজয়-কাজলৰ সহ অভিনেতা ৰহস্যজনক অৱস্থাত উদ্ধাৰ মৃতদেহ, ৩২ বছৰ বয়সতে অকাল মৃত্যু জনপ্ৰিয় অভিনেতা আদিত্য সিং ৰাজপুতৰ

voicedesk by voicedesk
May 23, 2023
in মুখ্য সংবাদ
অজয়-কাজলৰ সহ অভিনেতা ৰহস্যজনক অৱস্থাত উদ্ধাৰ মৃতদেহ, ৩২ বছৰ বয়সতে অকাল মৃত্যু জনপ্ৰিয় অভিনেতা আদিত্য সিং ৰাজপুতৰ
0
SHARES
28
VIEWS
Share on FacebookShare on Twitter

টেলিভিছন জগতৰ বাবে আন এক দুঃখবৰ।সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতা আদিত্য সিং ৰাজপুতৰ মাত্ৰ ৩২ বছৰ বয়সতে অকাল মৃত্যু হয়। সোমবাৰে মুম্বাইৰ আন্ধেৰীৰ ফ্লেটৰ শৌচাগাৰৰ পৰা উদ্ধাৰ কৰা হয় অভিনেতাজনৰ মৃতদেহ। চিকিৎসালয়ত তেওঁক মৃত ঘোষণা কৰা হয়। ড্ৰাগছৰ অতিমাত্ৰা সেৱনৰ ফলত অভিনেতাজনৰ মৃত্যু হৈছে বুলি আশংকা কৰা হৈছে । কিন্তু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে এই কথা স্পষ্ট কৰিছে ৷ আনহাতে, অভিনেতাজনৰ বন্ধুসকলে ড্ৰাগছ সেৱনৰ বাবে মৃত্যু হোৱা বুলি মানি ল’বলৈ অস্বীকাৰ কৰে।

 

১৭ বছৰ  বয়সত দিল্লীৰ এইজন যুৱকে বহু সপোন লৈ মনোৰঞ্জনৰ জগতখনত ভৰি দিলে। তাৰ পৰাই আদিত্যই যাত্ৰা আৰম্ভ কৰিলে। দিল্লীৰ ‘গ্ৰীণ ফিল্ডছ স্কুল’ত অধ্যয়ন কৰি ১৭ বছৰ বয়সতে মডেল হিচাপে ৰেম্পত ভৰি দিছিল আদিত্যই। আদিত্যই বহু বিখ্যাত কোম্পানীৰ বিজ্ঞাপনত কাম কৰি আহিছে। বলীউডৰ তাৰকা ঋত্বিক ৰোশন আৰু ক্ৰিকেট তাৰকা সৌৰভ গাংগুলীৰ সৈতে বিজ্ঞাপনত অভিনয় কৰা দেখা গৈছিল। বিজ্ঞাপনৰ জগতখনত সফলতা অৰ্জন কৰাৰ পিছত বলীউডৰ অভিনেতা হোৱাৰ সপোন সাধন কৰিবলৈ আদিত্যই মায়ানগৰীলৈ গুচি আহে। তেওঁ মুম্বাইলৈ আহি কেইবাটাও ৰিয়েলিটি শ্ব’ত অংশ লৈছিল। স্প্লিটছভিলাও আছিল তাৰ ভিতৰত অন্যতম। ৰিয়েলিটি শ্ব’ৰ উপৰিও আদিত্যই য়েহ হায় আশিকীৰ দৰে জনপ্ৰিয় যুৱ নাটকত অভিনয় কৰিছে। ‘কোড ৰেড’ৰ সৌজন্যত তেওঁ দৰ্শকৰ মাজত স্বীকৃতি লাভ কৰে।

 

কেৱল টেলিভিছনেই নহয়, আদিত্য সিং ৰাজপুতে বলীউডৰ কেইবাটাও প্ৰজেক্টত কাম কৰিছিল। অশোক পণ্ডিতৰ পৰিচালনাত নিৰ্মিত ‘ময়োনে গান্ধী কো নাহি মাৰা’ ছবিত অভিনয় কৰিছিল আদিত্যই। আনকি, তেওঁক ‘ইউ মি ঔৰ হাম’ ছবিখনত অমন মেহৰাৰ চৰিত্ৰত দেখা গৈছিল বলীউডৰ দুই অভিনেতা অজয় ​​দেৱগন আৰু কাজলৰ সৈতে ।

 

অভিনয়ৰ উপৰিও শেহতীয়াকৈ আদিত্যই ব্যৱসায়ৰ প্ৰতিও মনোযোগ আকৰ্ষণ কৰে। নিজাকৈ কাপোৰৰ ব্ৰেণ্ড ‘পপ কালচাৰ ক্লথিং’ আৰম্ভ কৰে। প্ৰয়াত অভিনেতাগৰাকীয়ে তেওঁৰ কাপোৰৰ ব্ৰেণ্ডৰ বাবে ছ’চিয়েল মিডিয়াতো ব্যাপক সঁহাৰি লাভ কৰে।

 

এনে এক আশাব্যঞ্জক প্ৰতিভাৰ অকাল মৃত্যুত মৰ্মাহত হৈ পৰিছে মায়ানগৰী। কষ্টিউম ডিজাইনাৰ ৰোহিত বাৰ্মা, পৰিচালক অনীৰ, অশোক পণ্ডিতৰ দৰে চেলিব্ৰিটিয়ে ছ’চিয়েল মিডিয়াত শোক প্ৰকাশ কৰিছে। মঙলবাৰে মৰণোত্তৰ পৰীক্ষাৰ অন্তত আদিত্য সিং ৰাজপুতৰ শেষকৃত্য সম্পন্ন কৰা হয় ৷

Previous Post

মাৰ যোৱা নাই হিংসাত্মক পৰিস্থিতি, মণিপুৰত নতুনকৈ আৰম্ভ সংঘাতঃ ইম্ফলৰ বজাৰত অগ্নিসংযোগ দুর্বৃত্তৰ

Next Post

দিল্লীৰ পৰা চণ্ডীগড়লৈ ট্ৰাকত উঠি চালকৰ ‘মান কি বাত’ শুনিলে ৰাহুলে

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
দিল্লীৰ পৰা চণ্ডীগড়লৈ ট্ৰাকত উঠি চালকৰ ‘মান কি বাত’ শুনিলে ৰাহুলে

দিল্লীৰ পৰা চণ্ডীগড়লৈ ট্ৰাকত উঠি চালকৰ ‘মান কি বাত’ শুনিলে ৰাহুলে

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7