“আজিৰ ছাত্ৰ ভৱিষ্যতৰ চালক” শ্লো-গানৰে ৰঙিয়া নগৰত যান-জঁট নিয়ন্ত্ৰণৰ পৰিকল্পনা ৰঙিয়া মহকুমা প্ৰশাসনৰ। ৰঙিয়াত নগৰত যান-জঁটৰ সমস্যাক লৈ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনত। পৰিবহনৰ নিয়মাৱলী পালন কৰা আৰু দায়িত্বশীল মনোভাৱাপন্ন যুৱ-প্ৰজন্ম গঢ়ি তোলাৰ বিশেষ পদক্ষেপ গ্ৰহণ। উল্লেখ্য যে, নামনি অসমৰ অন্যতম ৰঙিয়া নগৰতো দৈনিক বৃদ্ধি হৈ আহিছে তীব্ৰ যান-জঁটৰ। যাৰফলত ঘন্টাৰ পিছত ঘন্টা ধৰি ৰৈ থাকিব লগীয়া হৈছে দেশী-বিদেশী পৰ্যটকে ধৰি ৰঙিয়াবাসী। বিষেশকৈ ৰঙিয়া নগৰৰ ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ এন টি ৰোডটোত তীব্ৰ হাৰত বৃদ্ধি হৈছে যান-জঁটৰ। এই যান-জঁটৰ সমস্যা সম্পৰ্কত ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱন এখনি গুৰুত্বপূৰ্ণ বৈঠক আয়োজন কৰে। ইফালে ৰঙিয়া মহকুমাৰ প্ৰত্যেক শিক্ষানুষ্ঠানৰ বাবে একোজনকৈ ন’ডেল শিক্ষকৰ বাছনি কৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিবহন আইন সম্পৰ্কে প্ৰতিমাহে একোটাকৈ বিশেষ পাঠদানৰ ব্যৱস্থা কৰিব বুলি মত ব্যক্ত কৰে অতিৰিক্ত উপায়ুক্ত তথা মহকুমাধিপতি দ্বীপন বৰ্মনে। ৰঙিয়া মহকুমা প্ৰশাসনে ৰঙিয়াবাসীৰ সহায় সহযোগ বিছাৰি আয়োজন কৰে এই গুৰুত্বপূৰ্ণ বৈঠকৰ। সভাত ৰঙিয়া অঞ্চলৰ ভালেইকেইগৰাকী চৰকাৰী উচ্চ পদস্থ বিষয়া, বহুকেইগৰাকী বিশিষ্ট ব্যক্তি, সংবাদ মাধ্যমৰ লগত জড়িত ব্যক্তিসকল আৰু ৰাইজ উপস্থিত থাকে ।