সাৱধান হওক ৷ কৰ’নাতকৈও অধিক ‘মাৰাত্মক’ মহামাৰীয়ে পৃথিৱীত পুনৰ সন্ত্ৰাসৰ সৃষ্টি কৰিব পাৰে। পৰৱৰ্তী মহামাৰীৰ বাবে বিশ্বই এতিয়াই প্ৰস্তুতি চলাব লাগিব। বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ আধানম গেব্ৰেইছাছে এই সতৰ্কবাণী প্ৰকাশ কৰিছে।
মঙলবাৰে ৭৬ সংখ্যক বিশ্ব স্বাস্থ্য সন্মিলনত অংশগ্ৰহণ কৰে গেব্ৰেছাছে। তাত প্ৰতিবেদন দাখিল কৰি তেওঁ এই মন্তব্য কৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীগৰাকীৰ ভাষাত, “পৃথিৱীত ক’ভিডৰ প্ৰাদুৰ্ভাৱ শেষ হোৱা যেন লাগিছে, কিন্তু নাই হোৱা। আন এক প্ৰকাৰৰ ক’ভিডৰ সংক্ৰমণৰ সম্ভাৱনা এতিয়াও আছে। যাৰ ফলত ৰোগী আৰু মৃত্যুৰ সংখ্যা বহু পৰিমাণে বৃদ্ধি পাব। ইয়াৰ উপৰিও ক’ভিডতকৈ অধিক মাৰাত্মক ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱনাও আছে।”
ক’ভিড মহামাৰী শেষ হৈছে বুলি ভাবি বিশ্ববাসীক আত্মতুষ্টিত নাথাকিবলৈ পৰামৰ্শ দিয়ে গেব্ৰেছাছে। লগতে সাধাৰণ ৰাইজক সুস্বাস্থ্যৰ প্ৰতি দৃষ্টি ৰাখিবলৈ আৰু সাৱধান হ’বলৈ বাৰ্তা প্ৰদান কৰে।
তেওঁ কয়- “এতিয়া ক’ভিডৰ বাবে চিন্তা নকৰিবা। ক’ভিড মহামাৰীয়ে একমাত্ৰ চিন্তাৰ কাৰণ নহয়। আমি সকলো পৰিস্থিতিৰ বাবে সাজু থাকিব লাগিব। অতি শীঘ্ৰে পৰৱৰ্তী মহামাৰীয়ে আঘাত হানিবলৈ ওলাইছে। তেতিয়া আমি সকলোৱে সামূহিকভাৱে সেই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হ’ব লাগিব।”