মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত নৰেন্দ্ৰ মোদী চৰকাৰে অনা আন এটা চিতাৰ মৃত্যু হৈছে । যোৱা ডেৰ মাহত চতুৰ্থটো চিতা উদ্যানখনত মৃত্যুমুখত পৰে। কিন্তু আগৰ তিনিবাৰৰ দৰে পূৰ্ণবয়স্ক চিতা নহয়, এইবাৰ এটা চিতাৰ পোৱালীৰ মৃত্যু হৈছে ৷
মধ্যপ্ৰদেশ বন বিভাগৰ সূত্ৰ অনুসৰি নামিবিয়াৰ পৰা অনা এটা মাইকী চিতা বাঘে যোৱা মাৰ্চ মাহত ৪টা পোৱালি জন্ম দিছিল ৷ ইয়াৰে এটা পোৱালি মঙলবাৰে মৃত্যুমুখত পৰিছিল। চিকিৎসকে প্ৰথমে শাৰীৰিক দুৰ্বলতাক মৃত্যুৰ কাৰণ বুলি চিনাক্ত কৰিছিল। অৱশ্যে কুনো ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জনোৱা মতে, মাইকী চিতাৰ বাকী তিনওটা পোৱালি সুস্থ।
চলিত মাহৰ ৯ তাৰিখে দক্ষিণ আফ্ৰিকাৰ পৰা অনা এটা মাইকী চিতাৰ কুনোত মৃত্যু হয়। অনুমানিকভাৱে মাইকী বাঘটো ফিণ্ডা নামৰ মতা চিতাৰ আক্ৰমণত মৃত্যু হয় ৷ ২৭ মাৰ্চত কুনোত প্ৰথম মৃত্যু হয় নামিবিয়াৰ পৰা অনা ৫ বছৰীয়া মাইকী চিতা ছাছা। দক্ষিণ আফ্ৰিকাৰ পৰা অনা এটা মতা চিতা উদয়ৰ ২৪ এপ্ৰিলত মৃত্যু হয়। মধ্য প্ৰদেশৰ বন বিভাগৰ চিকিৎসকে জনোৱা মতে, বৃক্কৰ সংক্ৰমণৰ বাবেই ছাছাৰ মৃত্যু হয়। আনহাতে উদয়ৰ মৃত্যুৰ কাৰণ ‘কাৰ্ডিঅ’পালমোনাৰী ফেইলাৰ’ বুলি চিনাক্ত কৰা হৈছে।