VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰক্ষকেই ভক্ষক নেকি? জোনমণি ৰাভাৰ মৃত্যুৱে কি উদঙাইছে ?

voicedesk by voicedesk
May 24, 2023
in সমাজ
ৰক্ষকেই ভক্ষক নেকি? জোনমণি ৰাভাৰ মৃত্যুৱে কি উদঙাইছে ?
0
SHARES
53
VIEWS
Share on FacebookShare on Twitter

নগাওঁ জিলাৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ চাঞ্চল্য এতিয়াও আতঁৰি যোৱা নাই ৷ এয়া হত্যা নে আত্মহত্যা নে দূর্ঘটনা , তাক লৈ এতিয়াও ৰহস্য অব্যাহত আছে  ৷ চৰকাৰৰ ফালৰ পৰা এই ঘটনাৰ চিআইডি আৰু চিবিআই তদন্ত ঘোষণা কৰা হৈছে ৷ ইয়াৰ অনুসন্ধানো আৰম্ভ কৰিছে ৷ তদন্তত কি ওলায় সেয়া আন এটা বিষয় ৷ হয়তো ইয়াৰ বাবে আমি আৰু কিছুদিন ধৈর্য্য ধৰিব লাগিব ৷ কিন্তু উপ পৰিদর্শক গৰাকীৰ মৃত্যুৰ পাছত ৰাজ্যখনত চলি থকা নকল সোণ আৰু জাল নোটৰ অবৈধ ব্যৱসায়ৰ এক ভয়াৱহ তথ্য পোহৰলৈ আহিছে ৷ এই ক্ষেত্ৰত উদ্বেগজনক কথাটো হ’ল যে এই অসাধু চক্ৰটোৰ সৈতে জড়িত হৈ আছে খোদ আৰক্ষী ৷ অর্থাৎ ৰক্ষকেই বক্ষকৰ ৰূপ ধাৰণ কৰি কেবল ধন উপার্জনৰ স্বার্থত আৰক্ষীয়ে নকল সোণ আৰু জাল নোটৰ ব্যৱসায় চলোৱা চক্ৰটোক সুৰক্ষা দি আহিছে ৷ শেহতীয়াকৈ আৰক্ষী সঞ্চালক প্ৰধানজনে নির্দেশ দিয়াৰ পাছত কুৰিটাৰো অধিক নকল সোণৰ ব্যৱসায়ী আৰক্ষীৰ জালত পৰিছে ৷ ইয়াৰ পৰাই স্পষ্ট হৈ পৰে যে জোনমণিৰ মৃত্যুৰ এদিন বা দুদিন আগৰ পৰা এই ব্যৱসায় আৰম্ভ হোৱা নাই ৷ বছৰ বছৰ ধৰি তেওঁলোকে ইয়াৰ ব্যৱসায় কৰি আহিছে ৷ তৎসত্বেও বিয়াগোম আৰক্ষী বিভাগটোৰ বৰমুৰীয়া সকলে ইয়াৰ বিষয়ে ভুকে নাপায়নে ? সাধাৰণ ৰাইজৰ মনত এই প্ৰশ্নৰ উদয় হৈছে ৷ সঘনাই আৰক্ষীৰ সংস্কাৰ কৰা হ’ব বুলি চৰকাৰে কৰি অহা ঘোষণা যে অসাৰ সেয়া জোনমনিৰ মৃত্যুৱে উদঙাই দিছে ৷ স্বাভাৱিকতে মানুহৰ মনত প্ৰশ্নৰ উদয় হৈছে যে  ৰাজ্যখনত সংঘটিত হৈ থকা আন অপৰাধসমূহো আৰক্ষীৰ জ্ঞাতসাৰেই হৈ আছে নেকি ?

 

ইপিনে, নকল সোণ আৰু জাল নোটৰ ঘটিত পৰিণত হোৱা লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছে আইপিএছ বিষয়া আনন্দ মিশ্ৰক ৷ “হিৰো”ৰ দৰে “এণ্ট্ৰি “ মাৰি তেওঁ প্ৰতিপন্ন কৰিব বিচাৰিছে যে পাৰিলে এদিনতে এই অবৈধ ব্যসায় বন্ধ কৰি দিব ৷ বহু লোকে গৈ তেওঁক সম্বর্ধণা জনোৱাৰ লগতে ত্ৰাণকর্তা সজাবলৈ চেষ্টা কৰিছে ৷ কিন্তু এছপি হিচাপে হিচাপে যোগদান কৰাৰ লগে লগে তেওঁক “হিৰো” সজোৱাটো কিমান যুক্তিসংগত ? আমি পাহৰি যোৱা উচিত নহয় যে একেগৰাকী বিষয়া নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক হৈ থকা সময়ছোৱাত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়ত এজন অ’চিয়ে নিৰপৰাধী এজন যুৱকক গুলীয়াবলৈ কুণ্ঠাবোধ কৰা নাছিল ৷ যাৰ বাবে নিৰপৰাধী যুৱকজনে পংগুত্বৰ জীৱন কটাবলগীয়া হৈছে ৷ জিলাখনৰ শীর্ষ বিষয়াজনৰ পৰা কিমান ফ্ৰীহেণ্ড পালে এজন অ’চিয়ে এনে কাম কৰিবলৈ সাহস লাভ কৰে ? সেয়াও বিচার্য বিষয় ৷ এই প্ৰশ্নসমূহৰ উত্তৰ পাবলৈ হ’লে সময়লৈ অপেক্ষা কৰাৰ বাহিৰে সাধাৰণ ৰাইজৰ হয়তো আন উপায় নাই !

 

Previous Post

টেষ্ট বিশ্বকাপৰ ফাইনেলৰ আগতে ভাৰতীয় দলৰ সলনি হ’ব জাৰ্চি ! কি জাৰ্চি পিন্ধিব ৰোহিতে?

Next Post

নগাঁৱৰ চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যলয়ত অভিনন্দন অনুষ্ঠান সম্পন্ন

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
নগাঁৱৰ চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যলয়ত অভিনন্দন অনুষ্ঠান সম্পন্ন

নগাঁৱৰ চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যলয়ত অভিনন্দন অনুষ্ঠান সম্পন্ন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7