ভুৱা মেছেজ বা ফোন কলৰ জৰিয়তে আৰ্থিক জালিয়াতি ৰোধ কৰিবলৈ আগ্ৰহী চৰকাৰ। সেয়ে গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ে ফোনৰ পৰা এনেধৰণৰ প্ৰৱঞ্চনা ৰোধ কৰিবলৈ ক্ৰেতাসকলক নতুন নিৰ্দেশনা জাৰি কৰিছে। গাইডলাইন অনুসৰি কোনো গ্ৰাহকে সামগ্ৰী ক্ৰয় কৰাৰ পিছত বিল পৰিশোধ কৰাৰ নামত নিজৰ ব্যক্তিগত ফোন নম্বৰ দিবলৈ বাধ্য হ’ব নোৱাৰে।
সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত গ্ৰাহক পৰিক্ৰমা বিভাগৰ সম্পাদক ৰোহিত কুমাৰ সিঙে কয় যে, সামগ্ৰী ক্ৰয় কৰাৰ পিছত বহু বিক্ৰেতাই ফোন নম্বৰ নিদিয়াকৈ ৰচিদ দিবলৈ অস্বীকাৰ কৰে। যিটো গ্ৰাহক সুৰক্ষা আইন অনুসৰি সম্পূৰ্ণ অনৈতিক।
গ্ৰাহকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ কথা মনত ৰাখি এই আদেশ খুচুৰা বিক্ৰেতা আৰু ফেডাৰেচন অৱ ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী আৰু কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীৰ দৰে সংস্থালৈ প্ৰেৰণ কৰা হৈছে বুলিও তেওঁ কয়।