ইউ পি এছ চিত সফল হ’বলৈ প্ৰাৰ্থীসকলে পঢ়া-শুনা আৰু সঠিক প্ৰশিক্ষণক বিশেষ গুৰুত্ব দিয়ে। কিন্তু ২০২২ চনৰ ইউ পি এছ চি পৰীক্ষাত কোনো ধৰণৰ প্ৰশিক্ষকৰ সহায় নোলোৱাকৈয়ে সফলতা লাভ কৰিছে এগৰাকী মেধাৱী যুৱতীয়ে ৷ । কেৱল সফলেই নহয়, শীৰ্ষ তালিকাত দ্বিতীয় স্থান লাভ কৰিছে গৰিমা লোহিয়া।
গৰিমা বিহাৰৰ বাক্সাৰ বাসিন্দা। তেওঁ প্ৰথমবাৰৰ বাবে ইউ পি এছ চিত উত্তীৰ্ণ নহ’ল। ইউ পি এছ চিত দ্বিতীয় স্থানত থকা গৰিমাৰ এই কৃতিত্ব লাভ কৰিছে দ্বিতীয় প্ৰচেষ্টাত। অৱশ্যে গৰিমাই দ্বিতীয়বাৰৰ বাবে প্ৰস্তুতিত কোনো ত্ৰুটি নাৰাখিলে বুলি কয়।
গৰিমাৰ পিতৃ নাৰায়ণপ্ৰসাদ লোহিয়াৰ ৪ বছৰ পূৰ্বে মৃত্যু হয়। তেওঁৰ পৰিয়ালটোৱে হঠাৎ বিভিন্ন অসুবিধাৰ সন্মুখীন হ’বলগীয়া হ’ল।গৰিমাই কয়, ‘লকডাউনৰ সময়ত ২০২০ চনত ইউ পি এছ চিৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিলো। প্ৰথমে লাইব্ৰেৰীৰ পৰা বিভিন্ন কিতাপ পঢ়িবলৈ আৰম্ভ কৰিলোঁ। পিছত বহু ৱেবচাইটৰ সহায় লৈছিলো। প্ৰথম অৱস্থাত ৮-১০ ঘণ্টা পঢ়া-শুনা কৰিছিলো, পিছলৈ ২-৩ ঘন্টালৈ হ্ৰাস পাইছিল।“
ইউ পি এছ চি পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে কোনো কোচিং চেণ্টাৰৰ কাষ চাপিব পৰা নাছিল বুলিও তেওঁ কয়। তেওঁ ঘৰতে পঢ়া-শুনাত অধিক মনোনিৱেশ কৰিছিল। তেওঁৰ ভাষাত “কষ্ট কৰিলে, পঢ়া-শুনাত ধাৰাবাহিকতা ৰাখিলে, অনুশাসন বজাই ৰাখিলে সফলতা আহিব। কিন্তু সফল হ’বলৈ হ’লে কোচিং ল’ব লাগিব বুলি কোনো কথা নাই ৷”
গৰিমাই ইউ পি এছ চি পৰীক্ষাত সফলতা লাভ কৰিবলৈ ভাল গুৰুৰ সৈতেও যোগাযোগত থাকিবলৈ পৰামৰ্শ দিয়ে। তেওঁৰ সফলতাৰ বাবে পৰিয়াল আৰু বন্ধু-বান্ধৱীকো কৃতিত্ব দিয়ে।