দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চৰকাৰী বাসগৃহক লৈ পুনৰ বিতৰ্কৰ সৃষ্টি হৈছে । ইয়াৰ পূৰ্বে বিজেপিয়ে উত্থাপন কৰিছিল যে আপৰ মুৰব্বীগৰাকীৰ বাসগৃহ নিৰ্মাণৰ বাবে বিপুল পৰিমাণৰ ধন ব্যয় কৰা হৈছে। এইবাৰ দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰৰ হাতত তদন্তৰ প্ৰতিবেদন দাখিল কৰা হয়। সেই প্ৰতিবেদন অনুসৰি বাসগৃহ নিৰ্মাণৰ বাবে ৫২ কোটি ৭১ লাখ টকা ব্যয় কৰা হৈছে। দিল্লীৰ ৰাজহুৱা কাম-কাজ বিভাগৰ অনুমোদন সাপেক্ষে সকলো কাম কৰা হৈছে। এই তদন্তৰ প্ৰতিবেদনক আহিলা হিচাপে ব্যৱহাৰ কৰি বিজেপিয়ে আপৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৷
তদন্তৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে দিল্লীৰ ৬ নং ফ্লেগ ষ্টাফ ৰোডত থকা মুখ্যমন্ত্ৰীৰ বাসগৃহ পুনৰ নিৰ্মাণৰ বাবে ৩৩.৪৯ কোটি টকা ব্যয় কৰা হৈছে। আৰু মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ অধীনত বিষয়াসকলৰ ঘৰ নিৰ্মাণৰ বাবে ১৯ কোটি ২২ লাখ টকা ব্যয় কৰা হৈছে। প্ৰতিবেদনত ১৯৪২-৪৩ চনৰ পৰা এই স্থানত বাংলো থকা বুলিও দাবী কৰা হৈছে। পিছত দিল্লীৰ মুখ্যমন্ত্ৰীক আবণ্টন দিয়া হয়। কিন্তু কেজৰিৱালে কয় যে বাংলোটো ‘বসবাসৰ অনুপযোগী’ হৈ পৰিছে। তেওঁৰ দলটোৱে ঘৰৰ চাল ভাঙি পৰাৰ ছবিও টুইট কৰে। ইয়াৰ পিছত পুৰণি বাংলো ভাঙি নতুন বাসগৃহ নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়ায়।
নতুন বাসগৃহটোক লৈ সৃষ্টি হোৱা বিতৰ্কৰ বাবে উপ-ৰাজ্যপাল ভি কে ছাক্সেনাই মুখ্য সচিবক সকলো তথ্য সংগ্ৰহ কৰি তেওঁক জমা দিবলৈ নিৰ্দেশ দিয়ে। এপ্ৰিল মাহৰ নিৰ্দেশৰ পিছত মুখ্য তদন্তকাৰী বিষয়াই (ভিজিলেন্স বিষয়া) ১২ মে’ত ৰাজ্যপালৰ ওচৰত প্ৰতিবেদন দাখিল কৰে। প্রতিবেদনত উল্লেখ কৰা হৈছে যে মাত্র ১৫-২০ কোটি টকা ব্যয় সাপেক্ষে এই বাসগৃহ নির্মাণৰ কাম আৰম্ভ কৰা হৈছে৷ প্ৰথম নিবিদাত মাত্ৰ ৮.৬১ কোটি টকাহে ব্যয় হৈছিল। আপে অৱশ্যে এই প্ৰসংগত কয় যে ইয়াত কোনো দোষ নাই। ইয়াৰ বিপৰীতে অধ্যাদেশৰ বিতৰ্কক ঢাকি ৰাখিবলৈ এই প্ৰতিবেদন উচটনি দিয়া হৈছে নেকি সেই বিষয়টো তেওঁলোকে উত্থাপন কৰিছে।