ঐতিহ্যমণ্ডিত তাহানিৰ কটন কলেজ, বর্তমান কটন বিশ্ববিদ্যালয় ৷ অসমৰ শৈক্ষিক ইতিহাসত স্বর্ণিল আখৰেৰে খোদিত হৈ থকা এটা নাম ৷ ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰলৈ এই শিক্ষা প্ৰতিষ্ঠানখনে আগবঢ়োৱা অৱদান অতুলনীয় ৷ মেধাৰ প্ৰাণকেন্দ্ৰস্বৰূপ কটন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰাটো আজিও বহুজনৰ বাবে এক বিশ্ববিদ্যালয়ে আজি সম্পূৰ্ণ কৰিলে ১২২টা গৌৰৱময় বৰ্ষ ৷
এই উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷এখ টুইতত তেওঁ কয় –‘মোৰ দৰে প্ৰতিজন কটনিয়ান বা অসমবাসীৰ বাবে আজি এটি বিশেষ দিন৷ পূৰ্বৰ কটন মহাবিদ্যালয় তথা বৰ্তমানৰ বিশ্ববিদ্যালয়খনৰ আজি গৌৰৱোজ্জ্বল প্ৰতিষ্ঠা দিৱস৷ এজন কটনিয়ান হিচাপে এই মুহূৰ্তত বহু স্মৃতিয়ে দোলা দিছে৷ কটন কলেজৰ আজি ওপজা দিনত শিক্ষানুষ্ঠানখনৰ সৈতে জড়িত সকলোলৈকে মোৰ হিয়াভৰা অভিনন্দন জ্ঞাপন কৰিলোঁ৷ লগতে যিসকলৰ কঠোৰ সাধনা, অধ্যৱসায়ে কটনক মহীয়ান সকলোকে মোৰ প্ৰণাম যাচিলোঁ৷’
অসমৰ শিক্ষামন্ত্ৰী ৰানোজ পেগুৱে টুইট কৰি কয়, ‘অসমৰ বৌদ্ধিক চৰ্চা, শৈক্ষিক জাগৰণ আৰু সাংস্কৃতিক কৰ্ষণৰ প্ৰাণকেন্দ্ৰ কটন বিশ্ববিদ্যালয় (পূৰ্বৰ কটন মহাবিদ্যালয়)ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কটন পৰিয়াললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শতিকাজোৰা গৌৰৱময় ইতিহাস আৰু স্বকীয় ঐতিহ্যৰে উদ্ভাসিত এই শিক্ষানুষ্ঠানে দেশ তথা ৰাজ্যখনক মানৱ সম্পদ উপহাৰ দিয়াৰ এই অনন্য যাত্ৰা অব্যাহত ৰাখক, তাৰেই কামনা কৰিছোঁ।‘
১৯০১ চনৰ ২৭ মে’ত পূৰ্বৰ ব্ৰিটিছ প্ৰদেশ অসমৰ মুখ্য আয়ুক্ত ছাৰ হেনৰী ষ্টেডমেন কটনৰ দ্বাৰা কটন মহাবিদ্যালয় উদ্বোধন কৰা হয়।কলেজখনৰ আৰম্ভণিতে পাঁচজন অধ্যাপক আছিল ৷ কলেজখনৰ প্ৰথম অধ্যক্ষ ফ্ৰেডেৰিক উইলিয়াম ছুডমাৰ্চন ৷ সেই সময়ত শিক্ষার্থীৰ সংখ্যা আছিল ৩৯ জন ৷এই প্ৰতিষ্ঠানখনে অসমৰ লগতে ভাৰতৰ সকলো উত্তৰ-পূৰ্বাঞ্চল ৰাজ্যৰ অন্যতম পুৰণি উচ্চ শিক্ষা প্ৰতিষ্ঠান।
এই মহাবিদ্যালয়খনে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপৰি হেম বৰুৱা, ডঃ ভূপেন হাজৰিকা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, হোমেন বৰগোহাঞিকে ধৰি বহু বিখ্যাত ব্যক্তিয়ে অধ্যয়ন কৰিছিল ৷ কটন মহাবিদ্যালয় ২০১৭ চনত বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হয় ৷
।