নিজৰ বিলাসী মোবাইল ফোন পৰি যোৱাৰ বাবেই এটা জলাশয়ৰ ২১ লাখ লিটাৰ পানী সিঁচাৰ বাবে ‘শাস্তি’ হিচাপে ছত্তীশগড় চৰকাৰী বিষয়া এগৰাকীক সেই পানীৰ পৰিমাণৰ সমানে ২১ লাখ টকাৰ জৰিমনা বিহা হৈছে ৷
অভিযুক্ত বিষয়াজনৰ নাম ৰাজেশ বিশ্বাস। ছত্তীশগড়ৰ কাংকেৰ জিলাৰ কইলিবেৰা ব্লকৰ খাদ্য বিভাগত কৰ্মৰত। কিছুদিন আগতে তেওঁ বন্ধু-বান্ধৱীৰ সৈতে ছুটী কটাবলৈ খেৰকাটা জলাশয়লৈ গৈছিল। চেলফি তোলাৰ সময়তে তেওঁৰ এক লাখ টকীয়া ফোনটো জলাশয়ৰ পানীত পৰি যায় ৷ মোবাইল ফোনটো বিচাৰি বিষয়াজনে তিনিদিন ধৰি ১৫ ফুট দ জলাশয়ৰ পানী সিচিঁ ফোনটো বিচাৰি উলিয়াইছিল। পৰৱর্তী সময়ত জলসিঞ্চন বিভাগে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ জলসিঞ্চন বিভাগৰ সূত্ৰই জনোৱা মতে, যি পৰিমাণৰ পানী সিঁচা হৈছে তাৰে ১৫০০ একৰ মাটিত খেতি কৰিব পৰা যাব।
এই ঘটনাই স্থানীয় ৰাইজৰ বিভিন্ন মহলত ক্ষোভৰ সৃষ্টি কৰে। বিষয়াজনৰ ‘দায়িত্বহীন’ কার্যৰ শাস্তিৰ দাবীও অধিক প্রবল হৈ পৰিল৷ অৱশেষত তেওঁক নিলম্বন কৰা হ’ল। ইয়াৰ সমান্তৰালকৈ ইন্দ্ৰাৱতী প্ৰকল্পৰ অধীক্ষক অভিযন্তাই মহকুমাধিপতি আৰ কে ধীবৰলৈ পত্ৰ লিখি বিষয়াজনৰ দৰমহাৰ পৰা ধন কৰ্তন কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। সেই প্ৰস্তাৱত সন্মতি দি খাদ্য বিভাগৰ বিষয়াজনক ২১ লাখ টকা জৰিমনা বিহা হয়। পত্ৰখনত উল্লেখ কৰা অনুসৰি পানী সিঁচি দিয়াৰ বাবে জলসিঞ্চন আৰু খেতিৰ ক্ষেত্ৰত যথেষ্ট ক্ষতি হ’ব।