কৰ’না সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিগত প্ৰায় ৬ মাহ ধৰি আন্তঃজিলা যাতায়াত বন্ধ হৈ থকাৰ পৰিপেক্ষিতত যাত্ৰীবাহী বাছৰ চলাচলো বন্ধ হৈ আছিল।স্তব্ধ হৈ পৰিছিল মানুহৰ জনজীৱন।
পুনৰ ক’ভিড পৰিস্থিতি কিছু শাম কটাত ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুযায়ী ১ ছেপ্টেম্বৰৰ পৰা যাতায়াত ব্যৱস্থা খোলাৰ লগতে আৰম্ভ হ’ব বাছ সেৱা সমূহ।যদিও সদৌ অসম মটৰ পৰিবহন সংন্থাই কৰা ঘোষণা অনুযায়ী ৫০% বাছ ভাড়া বৃদ্ধিৰ হোৱাৰ কথা আছিল আৰু সেই লৈ সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল।
তেনেক্ষেত্ৰত বাছ ভাড়া বহুখিনি বৃদ্ধি পোৱাৰ কথা আছিল যদিও শেহতীয়াকৈ পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে বাছ ভাড়া পুনৰ বৃদ্ধি কৰিবলৈ দিয়া ন’হব বুলি স্পষ্ট কৰি দিয়ে।
বাছভাড়া বৃদ্ধিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী জনে কয় যে, সৰ্বসাধাৰণৰ ওপৰত মাধমাৰ সোধাই বাছৰ ভাড়া বৃদ্ধি কৰিবলৈ দিয়া ন’হব।সেয়েহে সাধাৰণ ৰাইজে এক শতাংশও ভাড়া বৃদ্ধিত লৈ শংকিত নহবলৈ আহ্বান জনায়।
লগতে মন্ত্ৰীজনে এইবুলিও উল্লেখ কৰে যে ক’ভিড মহামাৰীৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ ব্যাপক ক্ষতি সাধন হৈছে।বিশেষকৈ ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ উপাৰ্জন একেবাৰে বন্ধ হোৱাৰ উপক্ৰম হ’ল।
একেদৰে খেতিয়ক সকলেও উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ উপায় নোহোৱা হ’ল।তদুপৰি সৰ্বসাধাৰণ লোক সকল সদায় বাছেৰে অহা-যোৱা কৰে।গতিকে সৰ্বসাধাৰণ লোকৰ মূৰত মাধ মাৰ সোধাই বাছ ভাড়া বৃদ্ধি কৰিবলৈ দিয়া নহ’ব।