শৰীৰ সুস্থ কৰি ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণৰ খাদ্য খোৱাৰ উপৰিও টোপনিও অতি প্ৰয়োজনীয়। পৰ্যাপ্ত পৰিমাণে টোপনি নাহিলে হ’ব পৰা শাৰীৰিক সমস্যাৰ তালিকাখন দীঘলীয়া। হতাশাৰ পৰা ওজন বৃদ্ধিলৈ – টোপনিৰ অভাৱৰ কাৰণে হোৱা কিছুমান ৰোগ। চিকিৎসকে কয় যে কেৱল টোপনি কম হোৱাই নহয়, প্ৰয়োজনতকৈ বেছি টোপনিও বিপদৰ সৃষ্টি কৰে। টোপনিৰ অভাৱতকৈও গুৰুতৰ হৈ পৰিব পাৰে প্ৰয়োজনতকৈ বেছি টোপনি মাৰিলে । অত্যধিক টোপনিৰ ফলত কি কি সমস্যাৰ সৃষ্টি হ’ব পাৰে?
হৃদযন্ত্ৰৰ সমস্যা
যদি আপুনি দিনটোৰ বেছিভাগ সময় শুই থাকে তেন্তে শাৰীৰিক স্বাস্থ্য বজাই ৰাখিবলৈ প্ৰয়োজনীয় পৰিমাণৰ শাৰীৰিক ব্যায়াম নকৰিলে হৃদযন্ত্ৰৰ সমস্যা হ’ব। কেৱল সেয়াই নহয়, ৰক্ত সঞ্চালনতো সমস্যা হ’ব পাৰে। যদি তেজৰ সোঁত স্বাভাৱিক নহয় তেন্তে হৃদৰোগৰ সম্ভাৱনা থাকে।
তেজত শর্কৰাৰ মাত্ৰা বৃদ্ধি
এজন ব্যক্তিৰ জীৱন-যাপনৰ ওপৰত নিৰ্ভৰ কৰি তেজৰ শর্কৰাৰ মাত্ৰা বৃদ্ধি পায়। কাৰণ, তেওঁৰ গোটেই দিনটো খোৱা, কাম কৰা, ব্যায়াম কৰা – এই সকলোবোৰ কথাই সেই ব্যক্তিজনৰ বিপাকীয় ক্ৰিয়াত প্ৰভাৱ পেলায়। দিনটোৰ বেছিভাগ সময় যদি শুই থাকে তেন্তে কোনো ৰুটিন সঠিকভাৱে পালন কৰিব নোৱাৰি। ফলত তেজত শর্কৰাৰ মাত্ৰা ক্ৰমান্বয়ে বৃদ্ধি পায়।
প্ৰজনন ক্ষমতা হ্ৰাস
বহু সময় শুই থকাৰ পিছত শাৰীৰিক ক্ৰিয়া-কলাপ বহু পৰিমাণে হ্ৰাস পায়। ফলত মহিলা আৰু পুৰুষ উভয়ৰে প্ৰজনন ক্ষমতাত প্ৰভাৱ পৰে। শাৰীৰিক ফিটনেছ অবিহনে প্ৰজনন হৰম’নৰ ভাৰসাম্যও বিঘ্নিত হয়।
মেদবহুলতা
অতিমাত্ৰা টোপনিৰ ফলত ওজন বৃদ্ধিৰ সম্ভাৱনা বেছি। দিনটোৰ বেছিভাগ সময় শুই থাকিলে ব্যায়ামৰ অভ্যাস স্বাভাৱিকতে কমি যায়। যদি আপুনি ব্যায়াম নকৰে তেন্তে আপোনাৰ ওজন বৃদ্ধি হ’বলৈ আৰম্ভ কৰিব। ইয়াৰ বাহিৰেও যদি ওজন বেছি হয় তেন্তে শৰীৰত বিভিন্ন ৰোগে বাঁহ ল’ব পাৰে ৷