আইফোন ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ। এইবাৰ এটা একাউণ্টৰ পৰা একেলগে ৪টা আইফোনত ব্যৱহাৰ কৰিব পাৰিব হোৱাটছএপ । ফলত এজন ব্যৱহাৰকাৰীয়ে নম্বৰ সলনি নকৰাকৈ বিভিন্ন ফোনত হোৱাটছএপ ব্যৱহাৰ কৰিব পাৰে। এই নতুন বৈশিষ্ট্যৰ নাম ‘কম্পেনিয়ন মোড’। কিছুদিন পূৰ্বে এণ্ড্ৰইড ফোনত পৰীক্ষামূলক ভিত্তিত এই বিশেষ সুবিধা মুকলি কৰা হৈছিল।
এই সুবিধা পাবলৈ কি কৰিব লাগে?
১) প্ৰথমে কম্পিউটাৰ বা লেপটপত ৱেব ফৰ্মেটত হোৱাটছএপ খুলিব।
২) প্ৰফাইলৰ সোঁফালৰ চুকত থকা তিনিটা বিন্দুত ক্লিক কৰক।
৩) লিংক দিভাইচ বিকল্পত ক্লিক কৰক।
৪) ফোন স্ক্ৰীণত ‘কিউআৰ’ ক’ড অপচন ওলাব।
৫) হোৱাটছএপে ২ টা ডিভাইচ স্কেনিং আৰু লিংক কৰাৰ পিছতহে একেলগে কাম কৰিব।
৬) এই ‘কিউআৰ’ ক’ডটো আন ২ টা ফোনত একে ধৰণে স্কেন কৰিব পাৰি।