আজিৰ পৰা কামৰূপ মহানগৰ জিলাত আৰম্ভ হৈছে মেলেৰিয়া প্ৰতিৰোধী মাহ৷ লগতে ডেংগু সজাগতা পষেকৰো শুভাৰম্ভ কৰা হয়৷
পূৱ গুৱাহাটী ৰাজ্যিক চিকিৎসালয়ত আয়োজিত অনুষ্ঠানত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ কৰে কামৰূপ মহানগৰৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত উপায়ুক্ত ঝৰ্ণা পাটগিৰি আৰু ৩৫ নং ৱাৰ্ডৰ কাউন্সিলৰ নবীন বৰাই৷
অনুষ্ঠানত কামৰূপ মহানগৰৰ স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ কন্দৰ্প কুমাৰ দাসকে ধৰি মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া(সংক্ৰমিত ৰোগ), পূৱ গুৱাহাটী ৰাজ্যিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া, জিলা মেলেৰিয়া বিষয়াৰ (ৰাষ্ট্ৰীয় বাহঁকজনিত ৰোগ নিয়ন্ত্ৰণ আঁচনি) লগতে স্বাস্থ্য বিভাগৰ আন আন বিষয়াসকল উপস্থিত থাকে৷
মেলেৰিয়া প্ৰতিৰোধী মাহ উপলক্ষে সমগ্ৰ মাহজুৰি সজাগতা সভা, তেজৰ নমুণা সংগ্ৰহ, ঘৰে ঘৰে গৈ পৰীক্ষা কৰাৰ লগতে ডেংগুৰ উৎস নিয়ন্ত্ৰণৰ বাবেও বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷