অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৭৭১ জন ঠিকাভিত্তিক কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ প্ৰতিবাদত আৰু তেওঁলোকক পূণৰ নিযুক্তিৰ দাবীত ৰাজ্যিক পৰিবহণ কৰ্মচাৰী সন্থাই অনিৰ্দিষ্টকালীন কৰ্মবিৰতি কাৰ্যসূচী ঘোষণা কৰিছে লগতে ২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচীও পালন কৰা হব। আজি প্ৰথম দিনা অসম ৰাজ্যিক পৰিবহণ নিগমৰ আটাইবোৰ কাৰ্যালয়ত কৰ্মচাৰী সকলে কৰ্ম বিৰতি পালন কৰে। প্ৰায়বোৰ কাৰ্যালয়ৰ সন্মুখত কৰ্মচাৰী সন্থাৰ বিষয়ববীয়া আৰু সদস্য/সদস্যা সকলে হাঁতে হাঁতে প্লে কাৰ্ড লৈ শান্তি পূৰ্ণ ভাৱে প্ৰতিবাদ সাব্যস্ত কৰে। সন্থাৰ সাধাৰণ সম্পাদক দ্বিজেন লহকৰে জনোৱা মতে সম্পূৰ্ণ বিভাগীয় নীতি নিয়মেৰে নিযুক্তি দিয়া কৰ্মচাৰী সকলৰ লগতে নিগমৰ গুৱাহাটী আৰু যোৰহাটস্থিত নিজা আই, টি, আইৰ পৰা পাছ কৰা আৰু prospectus ত উল্লেখ থকা মৰ্মে নিযুক্তি দিয়া মেকানিক সকলক ১০ – ১২ বছৰ চাকৰি কৰাৰ পিছত কামৰ পৰা অব্যাহতি দিয়াটো কেতিয়াও গ্ৰহণযোগ্য হব নোৱাৰে। কৰ্মচাৰী সন্থাই গভীৰ দুখ প্ৰকাশ কৰি চৰকাৰক পূণৰ বিবেচনা কৰি নিযুক্তিৰ ব্যৱস্থা কৰাৰ বাবে আহ্বান জনায়। তেওঁ কয় যে ছাত্ৰ ছাত্ৰী সকলৰ লগতে পৰিবহণ নিগমৰ বাছেৰে যাতায়ত কৰা যাত্ৰী সকলক পণবন্দী কৰি ৰাজ্যিক পৰিবহণ কৰ্মচাৰী সন্থাই কেতিয়াও প্ৰতিবাদ নকৰে, সেয়ে কৰ্ম বিৰতি কাৰ্যসূচীৰ পৰা বাছ সেৱা সমূহ ৰেহাই দিয়া হৈছে।
ইয়াৰ মাজতে একাংশই উৰা বাতৰি উলিয়াইছে যে তিনিচুকীয়াত বাছত অগ্নি সংযোগ কৰি প্ৰতিবাদ কৰিছে। প্ৰকৃতাৰ্থত নিগমৰ অধীনত চলা ব্যক্তিগত খণ্ডৰ বাছত বৈদ্যুতিক বিজুতিৰ বাবে জুই লাগে। সাধাৰণ সম্পাদক গৰাকীয়ে এনে উৰা বাতৰিত ভূল নাযাবৰ বাবে অনুৰোধ জনায়। তেওঁ কৰ্মচাৰী সকলকো শান্তি পূৰ্ণভাৱে কৰ্মবিৰতি কাৰ্যসূচী সাফল্য মণ্ডিত কৰি তুলিবলৈ আহ্বান জনায়।