মহাভাৰত ধাৰাবাহিকত শকুনি মামাৰ চৰিত্ৰত অভিনয় কৰা গুফী পেইণ্টেল আৰু নাই ৷ আজি বিশিষ্ট অভিনেতা গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে ৷ বিগত কেইবাদিন ধৰি অভিনেতা গৰাকী কেইবাদিনো চিকিৎসালয়ত ভৰ্তি হৈ আছিল। ৩১ মে’ত তেওঁৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটে। যোৱা কেইদিনমান তেনেকৈয়ে পাৰ হৈ যোৱাৰ পাছত ৫ জুনত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা গুফী পেইণ্টেলে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৮ বছৰ। অভিনেতাজনৰ পুত্ৰ হেৰী পেইণ্টলে মৃত্যুৰ কথা প্ৰকাশ কৰে।
এক বিবৃতিত অভিনেতা গৰাকীৰ পুত্ৰই কয় ‘ মোৰ পিতৃ গুফী পেইণ্টেলৰ আজি আমাক এৰি যোৱাটো অতি দুখৰ বিষয়। পৰিয়ালৰ মাজত শান্তিৰে তেওঁৰ মৃত্যু হয়।“
পৰিচালক বি আৰ চোপ্ৰাৰ মহাভাৰতত শকুনি মামাৰ চৰিত্ৰত অভিনয় কৰিছিল তেওঁ। নব্বৈৰ দশকত টেলিভিছনত ‘শকুনি মামা’ৰ চৰিত্ৰত অভিনয় কৰি গুফীয়ে নিশাটোৰ ভিতৰতে জনপ্ৰিয়তা লাভ কৰিছিল। ১৯৪৪ চনৰ ৪ অক্টোবৰত শিখ পৰিয়ালত জন্ম লাভ কৰিছিল গুফী পেইণ্টেল । গুফী আছিল এজন অভিযান্ত্ৰিক ছাত্ৰ। ১৯৬৯ চনত তেওঁ মায়ানগৰীলৈ আহিছিল। প্ৰাথমিক জীৱনত তেওঁ আছিল এজন পৰিচালক। ইয়াৰ পিছত তেওঁ আশীৰ দশকৰ পৰা অভিনয় আৰম্ভ কৰে। তেওঁ কেইবাখনো হিন্দী ধাৰাবাহিকত অভিনয় কৰিছিল। তেওঁৰ ‘মহাভাৰত’ৰ সহ অভিনেতা পংকজ ধীৰে ২০১০ চনত মুম্বাইত অভিনয় একাডেমী নামেৰে অভিনয় প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰিছিল। তাত কেইবাবছৰ ধৰি প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ‘ৰাফু চক্কৰ’, ‘দেশ পৰদেশ’, ‘দিল্লেগী’, ‘মৈদান-এ-জংগ’ আদি ছবিত তেওঁ কাম কৰিছে।