বৰ্তমান অতি সম্ভাৱনাপূৰ্ণ এক ব্যৱসায় হৈছে মৎস্যপালন । ৰাজ্যৰ নিবনুৱা সমস্যা সমাধানৰ এক অতি সুদূৰ প্ৰসাৰী সম্ভাৱনা থকা ক্ষেত্ৰ হৈছে মৎস্য পালন। সহজ অৰ্থত ক’বলৈ গ’লে কম কষ্টত উচিত লাভ অৰ্জনৰ ই এক সুন্দৰ পন্থা।
মৎস্যপালনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা এবিধ মাছ হ’ল কুচিয়া। দেখাত সাপৰ দৰে এই মাছ অতি সোৱাদযুক্ত। ৰোগীয়া মানুহৰ বাবে এই মাছ অতি পুষ্টিকৰ।
পুষ্টিগত দিশৰ পৰা ই অতি প্ৰয়োজনীয় খাদ্য। তেজ কম থকা মানুহৰ বাবে কুচিয়া অতি উপকাৰী।
পুৰণি কালত খাল, বিল , জলাশয়ত কুচিয়া মাছ পোৱা হৈছিল। কিন্তু বৰ্তমান তাৰ পৰিমাণ কমি অহাৰ বাবে এই মাছবিধ কৃত্ৰিমভাৱে উৎপাদন কৰিবলৈ আৰম্ভ কৰিছে বহুতো লোকে।
কুচিয়া হৈছে এক দীঘল সাপজাতীয় মাছ, যাৰ বাকলি নাথাকে। মাগুৰ, শিঙী আদি মাছৰ দৰে ছাল থাকে। এই কুচিয়া মাছৰ প্ৰায় ১০০ বিধ প্ৰজাতি আছে। বিভিন্ন প্ৰজাতিৰ ভিতৰত মোনোপটেৰাছ নামৰ প্ৰজাতিৰ কুচিয়া মাছৰ খেতি ফিলিপাইন, ইণ্ডোনেছিয়া, চীন আদি দেশত বহুলভাৱে কৰে।
মোনোপটেৰাছ নামৰ এবিধ কুচিয়া মাছ চিমেন্টৰ টেংকীত পুঁহিব পৰা যায়। এইবিধ মাছৰ খেতি কৰাৰ সুবিধাসমূহ হ’ল-
- এই কুচিয়া মাছবিধ সৰু চিমেন্টৰ টেংকীত সহজতে পালন কৰিব পাৰি।
- কোনো ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈ এই মাছবিধ বন্ধ অৱস্থাত প্ৰজনন কৰাব পৰা যায়।
- কুচিয়া মাছক অক্সিজেন কম থকা পানীতো সহজতে পালন কৰিব পাৰি।
- কুচিয়া মাছে প্ৰাকৃতিক খাদ্য হিচাপে সৰু মাছ, শামুক, পানীত থকা বিভিন্ন পোক-পতংগ, কেচু আদি খায় । গতিকে খাদ্যৰ ফালৰ পৰাও চিন্তা কৰিবলগীয়া তেনে কোনো কাৰণ নাথাকে এই মাছবিধৰ।