আগন্তুক ক’ভিডৰ জটিলতাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ দুটাকৈ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল কহিনুৰ আৰু হেঙুল থিয়েটাৰ গোষ্ঠীয়ে ২০২১-২২ বৰ্ষৰ নাট্যযাত্ৰা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
দুয়োটা ভ্ৰাম্যমাণ নাট্যদলৰ প্ৰযোজক দ্বয় তপন লহকৰ আৰু সংকল্পজিৎ হাজৰিকাই এক প্ৰেছ বিবৃতি যোগে এই কথা সদৰী কৰিছে।লগতে নিজৰ নিজৰ শিল্পী তথা কলা-কুশলীৰ লগত হোৱা আলোচনা মৰ্মে এই সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিয়ে।
প্ৰেছ বিবৃতিত উল্লেখ কৰা অনুসৰি কহিনুৰ থিয়েটাৰৰ প্ৰযোজক তপন লহকৰে কয় যে মই দুটাকৈ বৰ্ষ নাট্যযাত্ৰা বন্ধ ৰাখিব লগা হোৱাত বহুত কষ্ট পাইছো।যোৱা বছৰ নাট্যযাত্ৰা বন্ধ ৰাখিবলগীয়া হোৱাৰ পাছত এইবাৰ এক ব্যতিক্ৰমী চিন্তাৰে থিয়েটাৰখন আগবঢ়াই নিম বুলি ভাবিছিলো। কিন্তু পৰিস্থিতি এতিয়াও সুস্থিৰ হৈ উঠা নাই।
পৰিস্থিতিৰ ওপৰত ভ্ৰাম্যমাণ থিয়েটাৰ উদ্যোগটো বাৰুকৈয়ে নিৰ্ভৰ কৰে।বৰ্তমান অৱস্থাত দৰ্শকৰ মাজলৈ যোৱাটো আমাৰ বাবে সম্ভৱ নহ’ব। তদুপৰি আজিলৈকে চৰকাৰৰ ফালৰ পৰাও কোনো নিৰ্দিষ্ট এছ অ’ পি জাৰি কৰা নাই। গতিকে চৰকাৰৰ অনুমতি নোহোৱাকৈ এনে ক’ভিড পৰিস্থিতিত হাজাৰ হাজাৰ দৰ্শকৰ আগত নাট প্ৰদৰ্শন কৰাটো সমীচীন নহ’ব।
একেদৰে হেঙুল থিয়েটাৰ গোষ্ঠীৰ প্ৰযোজক সংকল্পজিৎ হাজৰিকাই উল্লেখ কৰে যে অসম তথা অসমীয়াৰ গৌৰৱ ভ্ৰাম্যমাণ থিয়েটাৰৰ যাত্ৰা অব্যাহত থকাটো আমিও বিচাৰোঁ।কিন্তু আমাৰ দৰ্শক তথা সাধাৰণ ৰাইজৰ স্বাস্থ্য আৰু সুৰক্ষাৰ কথাও চিন্তা কৰিব লাগিব।সকলো দিশ ভাবি চিন্তি আৰু সকলো পক্ষৰ লগত আলোচনা কৰি আমি পুনৰ নাট্যযাত্ৰা বাতিল কৰাৰ সিদ্ধান্ত ল’ব লগা হ’ল।পৰিস্থিতি সুস্থ হলে আমি পুনৰ ২০২২-২৩ বৰ্ষত দৰ্শকৰ মাজলৈ যাম।
এতিয়া সাংস্কৃতিক মহলত প্ৰশ্ন উঠিছে যে দুটাকৈ বৰ্ষ নাট্যযাত্ৰা বন্ধ হৈ থকাত ভ্ৰাম্যমান থিয়েটাৰৰ সমূহ শিল্পী কলা –কুশলী এতিয়া কি কৰি জীৱন যাপন কৰিছে চৰকাৰে খবৰ লৈছেনে? চৰকাৰী সাহাৰ্যই এই বৃ্হৎ জাতীয় উদ্যোগটোৰ সকলো শিল্পী কলা-কুশলীক সামৰি ল’ব পৰা নাই আৰু ই অসম্ভৱো।তেনেক্ষেত্ৰত সীমিত দৰ্শকৰ উপস্থিতিত নাট প্ৰদৰ্শন কৰাৰো পোষকতা কৰিছে একাংশ লোকে।
যিহতু ক’ভিড সৃষ্ট পৰিবেশৰ মাজতো বিভিন্ন সময়ত চৰকাৰৰ সভা-সমিতি সমূহ অনুষ্ঠিত কৰি থকা দেখা গৈছে যদিও ভ্ৰাম্যমাণ নাট্যদল সমূহৰ বাবে চৰকাৰে কিয় নতুন চিন্তাৰে আগবাঢ়ি যাবলৈ উদ্যোগ গ্ৰহণ কৰা নাই সেই লৈও প্ৰশ্ন উত্থাপন কৰিছে।