মেইটেই সম্প্ৰদায়ৰ ৰাজ্য মণিপুৰ তেওঁলোকৰ বাবে এতিয়া সুৰক্ষিত নহয় বুলি বিভাজন কৰিবলৈ দাবী উত্থাপন কৰিছে অনুসূচিত জাতি কুকি-চিন সম্প্ৰদায়ৰ ১০ জন বিধায়কে । ইয়াৰে ৭ জন ৰাজ্যিক বিজেপিৰ শাসকীয় দল! এই দাবীক লৈ গেৰুৱা-শিবিৰ অস্বস্তিত পৰিছে। বিধানসভাৰ স্বতন্ত্ৰতা সুৰক্ষা সমিতিৰ অধ্যক্ষ স্বপম নিশিকান্ত সিঙে বুধবাৰে খৰখেদাকৈ ১০ জন বিধায়কলৈ কাৰণ দর্শোৱাৰ জাননী প্ৰেৰণ কৰে।
মণিপুৰত হিংসা ৰোধ কৰাত ব্যৰ্থ হোৱা নৰেন্দ্ৰ মোদী চৰকাৰক ইতিমধ্যে অনুসূচিত জাতিৰ এটা অংশই তীব্ৰ সমালোচনা কৰিছে ৷ বুধবাৰে দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসগৃহৰ সন্মুখত জনজাতি কুকিৰ কেইবাটাও সংগঠনৰ সদস্যই প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকৰ হাতত আছিল ‘চেভ কুকি লাইভছ’ বুলি লিখা পোষ্টাৰ। সোমবাৰৰ পৰা মণিপুৰত বিয়পি পৰিছে নতুন হিংসা। বিজেপিৰ বিধায়ক, কুকি জনজাতিৰ নেতা ভুঞ্জাগিক ভাল্টে বুধবাৰে সংঘটিত জনগোষ্ঠীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয়। ইয়াৰ পিছত ৰাজ্যৰ বিভাজনৰ দাবী উত্থাপিত হয় ৷
৩ মে’ত জনজাতি ছাত্ৰ সংগঠন ‘অল ট্ৰাইবেল ষ্টুডেন্টছ ইউনিয়ন অৱ মণিপুৰ’ (আটছুম)ৰ কাৰ্যসূচীক কেন্দ্ৰ কৰি উত্তৰ-পূবৰ ৰাজ্যখনত অশান্তিৰ সৃষ্টি হয়। মণিপুৰ উচ্চ ন্যায়ালয়ে মেইটেইসকলক অনুসূচিত জাতিৰ মৰ্যাদা প্ৰদানৰ বিষয়টো বিবেচনা কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল। ইয়াৰ পিছত অলপ সময়ৰ ভিতৰতে ইয়াৰ বিৰোধিতা কৰি জনসংগঠন ওলাই আহে। আৰু সেই ঘটনাৰ পৰাই সংঘাত আৰম্ভ হয় ৰাজ্যখনত ৷
৬ মে’ত নৰেন্দ্ৰ মোদী চৰকাৰে মণিপুৰৰ আদিবাসী হিন্দু মেইটেই সম্প্ৰদায়ৰ সৈতে কুকি, জো, আৰু অন্যান্য অনুসূচিত জাতি জনগোষ্ঠী (যিসকলৰ অধিকাংশই খ্ৰীষ্টান)ৰ মাজত সংঘৰ্ষ ৰোধ কৰিবলৈ মণিপুৰত আইন-শৃংখলা বজাই ৰখাৰ দায়িত্ব কান্ধত লৈছিল ৷ সেনা আৰু অসম ৰাইফলছ নিয়োজিত কৰা হয় ৷ চি আৰ পি এফৰ প্ৰাক্তন মুৰব্বী কুলদীপ সিঙক সামগ্ৰিক নিৰাপত্তাৰ ব্যৱস্থা তদাৰক কৰাৰ দায়িত্ব দিয়া হৈছে। তেওঁৰ অধীনত এডিজিপি (চোৰাংচোৱা) আশুতোষ সিঙক সমগ্ৰ নিৰাপত্তা ব্যৱস্থাৰ অপাৰেচনেল কমাণ্ডাৰৰ দায়িত্ব দিয়া হৈছিল। কিন্তু এমাহৰ পাছতো হিংসা বন্ধ নহ’ল।
মণিপুৰত এতিয়ালৈকে প্ৰায় ১০০ জন লোকৰ মৃত্যু হৈছে। গুৰুতৰভাৱে আহত লোকৰ সংখ্যা প্ৰায় ৫০০। দলৱদ্ধ হিংসাৰ বাবে ২৫ হাজাৰৰো অধিক লোক স্থানচ্যুত হৈছে! ম্যানমাৰৰ সীমান্ত অতিক্ৰম কৰি কুকি উগ্ৰপন্থীয়ে মেইটেইক আক্ৰমণ কৰাৰ অভিযোগো উত্থাপন হৈছে। বিনিময়ত কুকিসকলে মেইটেই নিয়ন্ত্ৰিত চৰকাৰখনক পক্ষপাতিত্বমূলক বুলি অভিযোগ উত্থাপন কৰে। ইয়াৰ লগতে তেওঁলোকে অভিযোগ কৰে যে যদি মেইটেইৰাই অনুসূচিত জনজাতিৰ প্ৰদান কৰা হয় তেন্তে পাহাৰীয়া অঞ্চলৰ মাটি তেওঁলোকৰ নিয়ন্ত্ৰণলৈ যাব।
মণিপুৰৰ প্ৰায় নব্বৈ শতাংশ পাহাৰীয়া ভূমিত কুকি, নগাকে ধৰি বিভিন্ন জনগোষ্ঠীৰ বসতি আছে। বাকী অংশ অৰ্থাৎ ইম্ফল উপত্যকাত ৰাজ্যখনৰ সৰহসংখ্যক মেইটেই লোকে বাস কৰে। অভিযোগ অনুসৰি ম্যানমাৰৰ পৰা অহা অনুপ্ৰৱেশকাৰীৰ বাবে অৰণ্যত নতুনকৈ বসতি স্থাপন কৰিছে জনজাতি কুকিয়ে। ফলত মেইটেইসকলে আশংকা কৰে যে অনাগত দিনত তেওঁলোকৰ মাটি বেদখল কৰা হ’ব। কেৱল সেয়াই নহয়, এই অনুপ্ৰৱেশকাৰীসকলে ম্যানমাৰৰ ড্ৰাগছ কাৰ্টেলসমূহক কেঁচামাল যোগান ধৰাৰ অভিযোগো উত্থাপন হৈছে। ফলত জনগাঁথনিগত ভাৰসাম্য আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ধন-সম্পত্তিৰ বিতৰণৰ পৰিৱর্তনৰ বাবে মণিপুৰত জুই জ্বলি উঠিছে৷ এনে পৰিস্থিতিত নতুন ৰাজ্যৰ দাবীয়ে মণিপুৰত উত্তেজনাৰ পৰিৱেশৰ সৃষ্টি কৰিছে।