দক্ষিণ দিল্লীৰ ছিৰি দুৰ্গত শিশু সংগ্ৰহালয়লৈ যোৱা এটা মাটিৰ তলৰ পথ নিৰ্মাণৰ কাম কৰি থকাৰ সময়তে আন এটা সুৰংগ আৱিস্কাৰ কৰা হয় ৷ সংগ্ৰহালয় ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগৰ বিশেষজ্ঞসকলৰ মতে এই সুৰংগটো ত্ৰয়োদশ বা চতুৰ্দশ শতিকাৰ চুলতান যুগত নিৰ্মাণ কৰা হৈছিল।
চলিত সপ্তাহৰ আৰম্ভণিতে চিৰি দুৰ্গ শিশু সংগ্ৰহালয়লৈ যোৱাৰ বিকল্প পথ নিৰ্মাণৰ কাম এ এছ আইৰ দ্বাৰা কৰা হৈছিল। সেই সময়ত হঠাৎ এই সুৰংগটো আৱিষ্কাৰ হৈছিল। এ এছ আইৰ অধীক্ষক পুৰাতত্ত্ববিদ প্ৰবীণ সিঙে কয়, ‘পৰ্যটকৰ সুবিধাৰ কথা মনত ৰাখি ২০১১ চনত নিৰ্মাণ কৰা মূল প্ৰৱেশদ্বাৰৰ পৰা সংগ্ৰহালয়টোলৈ যোৱাৰ বাবে বিকল্প পথ নিৰ্মাণ কৰা হৈছিল। কিন্তু প্ৰাচীন সুৰংগটোৰ তোৰণ আৱিষ্কাৰ হোৱাৰ পিছতেই এই কাম বন্ধ হৈ পৰে।
এ এছ আইৰ এক সূত্ৰৰ মতে, প্ৰথম অৱস্থাত এই সুৰংগটো চুলতান যুগৰ খিলজী যুগৰ বুলি ধাৰণা কৰা হৈছে। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ২০২১ চনত চান্দনী চ’কৰ লালকিল্লাৰ পৰা দিল্লী বিধানসভালৈ কেইকিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগ উদ্ধাৰ হৈছিল। অৱশ্যে ই ইমান পুৰণি নহয় বুলি একাংশ পুৰাতত্ত্ববিদে প্ৰকাশ কৰিছে ৷তেওঁলোকৰ মতে এই সুৰংগটো সম্ভৱতঃ ব্ৰিটিছ যুগত নিৰ্মাণ কৰা হৈছিল।