শেহতীয়াকৈ উগাণ্ডাৰ এজন পুৰুষৰ বিবাহৰ খবৰে চৌদিশে চর্চা আৰম্ভ হৈছে। উগাণ্ডাৰ লুছাকাৰ এজন ৬৮ বছৰীয়া ব্যক্তিৰ ১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান আৰু ৫৭৮ গৰাকী নাতি-নাতিনী আছে। শুনি আচৰিত হৈছে নেকি ? আচৰিত যেন লাগিলেও এয়াই সত্য ৷অৱশ্যে মুছা হাছ্যা কাছেৰা নামৰ লোকজনে আৰু অধিক সন্তান জন্ম নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সংবাদ মাধ্যমৰ আগত মুছাই কয় যে তেওঁ বেছিভাগ সন্তানৰ নাম মনত ৰাখিব পৰা নোৱাৰা হৈছে । প্ৰথম আৰু শেষ সন্তানৰ নামহে মনত আছে। আনসকলক দেখিলেও তেওঁলোকৰ নাম মনত নাথাকে।
১৯৭২ চনত ১৭ বছৰ বয়সত প্ৰথমবাৰৰ বাবে বিবাহপাশত আবদ্ধ হয় মুছাই। পৰিয়ালৰ হেঁচাত ইটোৰ পিছত সিটোকৈ বিয়া পাতিবলৈ ধৰিছিল তেওঁ। অৱশ্যে একাধিক বিবাহ আৰু সন্তান জন্ম দিয়াটো একেবাৰেই ঠিক নাছিল, এতিয়া মুছাই তেনেকৈয়ে ভাবে। আৰ্থিক অভাৱত তেওঁ পৰিয়ালৰ লোকক উপযুক্ত খাদ্য যোগান ধৰিব পৰা নাই। ল’ৰা-ছোৱালীৰ কাপোৰ-কানি আৰু শিক্ষাৰ খৰচ বহন কৰিবলৈ তেওঁ অক্ষম। ইয়াৰ বাবেই মুছাৰ দুগৰাকী পত্নীয়ে তেওঁক এৰি থৈ গ’ল। আৰ্থিক চাপৰ বাবে আৰু সন্তান নিবিচাৰো বুলিও মুছাই কয়।
উগাণ্ডাৰ লুছাকা ভ্ৰমণৰ সময়ত তেওঁলোকে মুছাৰ পৰিয়ালক লগ পাইছিল। ইমান ডাঙৰ পৰিয়াল সিহঁতে আগতে কেতিয়াও দেখা নাছিল। কিন্তু মোচিয়ে কোনো নিয়ম ভংগ কৰা নাছিল। কিয়নো উগাণ্ডাত বহুবিবাহ বৈধ।