এছিয়া কাপ হওক বা এদিনীয়া বিশ্বকাপ হওক, মোবাইলত হট ষ্টাৰ এপ থাকিলে সকলো বিনামূলীয়াকৈ চাব পাৰিব। মুকেশ আম্বানীৰ জিঅ’চিনেমাক প্ৰত্যাহ্বান জনায় ষ্টাৰে এই সুবিধা মুকলি কৰিছে ৷
জিঅ’চিনেমাৰ গ্ৰাহকসকলে যোৱা বছৰ ফুটবল বিশ্বকাপ চাবলৈ কোনো ব্যয় কৰিবলগীয়া হোৱা নাছিল ৷ মোবাইল গেম বিনামূলীয়াকৈ জিঅ’চিনেমাই প্ৰদান কৰি আহিছে ৷ আই পি এলৰ সময়তো একেই কথা । আই পি এল চাবলৈ কোনো ধন আদায় দিয়াৰ প্ৰয়োজন নাছিল। এইবাৰ ষ্টাৰেও বিনামূলীয়াকৈ এছিয়া কাপ আৰু ক্ৰিকেট বিশ্বকাপ দেখুৱাবলৈ গৈ আছে ভাৰতৰ বিশাল বজাৰত জিঅ’ৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ।
হট ষ্টাৰৰ মুৰব্বী সাজিত শিৱানন্দনে কয়, ‘অ’টিটিৰ জৰিয়তে হট ষ্টাৰ হৈছে এটা প্ৰিমিয়াৰ এপ। আমি দৰ্শনাৰ্থীসকলক বিভিন্ন অভিজ্ঞতা প্ৰদান কৰিছো। এইবাৰ আমি এছিয়া কাপ আৰু এদিনীয়া বিশ্বকাপ বিনামূলীয়াকৈ দেখুৱাবলৈ ওলাইছো। ইয়াৰ দ্বাৰা আমি অধিক লোকৰ কাষ চাপিব পাৰিম।”
জিঅ’চিনেমাত বৃহৎ সংখ্যক লোকে বিনামূলীয়াকৈ চাইছিল আই পি এলৰ খেল। এই প্ৰতিযোগিতাৰ বাবে জিঅ’ৰ হাতত আছিল মোবাইল সম্প্ৰচাৰৰ অধিকাৰ। টিভিৰ সম্প্ৰচাৰৰ অধিকা ষ্টাৰে ক্ৰয় কৰিলেও মোবাইল এপৰ অধিকাৰ ক্ৰয়ৰ যুঁজত জিঅ’ৰ হাতত পৰাস্ত হ’বলগীয়া হৈছিল। কিন্তু আইচিচিৰ প্ৰতিযোগিতাত ষ্টাৰৰ হাতত দুয়োটা অধিকাৰ আছে। কিন্তু বহুতে হট ষ্টাৰ চাবস্ক্ৰাইব কৰা নাই। খেল চাবলৈ তেওঁলোকে জিঅ’ক বেছি পছন্দ কৰে।