হ্ৰাস হ’ব পাৰে পেট্ৰল-ডিজেলৰ দাম। কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰ অনুসৰি চৰকাৰী তেল কোম্পানীসমূহে পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস কৰিবলৈ চিন্তা চর্চা কৰিছে ৷ ফলস্বৰূপে অতি সোনকালে দেশবাসীৰ বাবে এটা ভাল খবৰ আহিব পাৰে।
বিগত এবছৰত বহিঃৰাজ্যৰ পৰা আমদানি কৰা খাৰুৱা তেলৰ মূল্য বহু পৰিমাণে হ্ৰাস পাইছে যদিও পেট্ৰ’ল-ডিজেলৰ মূল্য দেশত খুজুৰা বজাৰত হ্ৰাস পোৱা নাই। কিন্তু এবছৰৰ পূৰ্বে প্ৰতি বেৰেলত ১২০ ডলাৰ হোৱা খাৰুৱা তেলৰ মূল্য এতিয়া ৭০ ডলাৰলৈ হ্ৰাস পাইছে। মে’ মাহত ভাৰতৰ ৪৫ শতাংশ খাৰুৱা তেল আমদানি হৈছিল সস্তীয়া ৰাছিয়াৰ পৰা। কিন্তু দেশৰ বজাৰত তেলৰ মূল্য হ্ৰাস পোৱা নাই। এবছৰৰ পূৰ্বে মোদী চৰকাৰে পেট্ৰ’লত ৮ টকা আৰু ডিজেলৰ ওপৰত ৬ টকা শুল্ক হ্ৰাস কৰিছিল। তেতিয়াৰ পৰা শুল্ক হ্ৰাস কৰা হোৱা নাই।
এতিয়া কৰ্ণাটকত বিজেপিৰ পৰাজয়ৰ পাছত ইন্ধনৰ দাম হ্ৰাস কৰাৰ কথা ভাবিছে নেকি চৰকাৰে? চৰকাৰী সূত্ৰই দাবী কৰিছে যে ইয়াৰ ৰাজনীতিৰ লগত কোনো সম্পৰ্ক নাই। খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ লগতে ৰাছিয়াৰ পৰা খাৰুৱা তেল সস্তা আমদানি হোৱাৰ পিছতো পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস কৰিব পৰা নগ’ল। কাৰণ চৰকাৰী তেল কোম্পানীসমূহে ইয়াৰ পূৰ্বে অধিক মূল্যত খাৰুৱা তেল আমদানি কৰিবলগীয়া হৈছিল। সেই লোকচান এতিয়া প্ৰতিকাৰ কৰা হৈছে। গতিকে বিশ্ব বজাৰত তেলৰ মূল্যৰ লগত সংগতি ৰাখি তেলৰ মূল্য হ্ৰাস কৰা সম্ভৱ। বিত্ত মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি যোৱা দুটা ত্ৰৈমাসিকত এই চাহিদা হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। ইন্ধনৰ মূল্য কম হ’লে চাহিদা বৃদ্ধি পাব পাৰে আৰু অৰ্থনীতিও বৃদ্ধি পাব পাৰে। মন কৰিবলগীয়া যে তেল উৎপাদনকাৰী দেশসমূহে তেল উৎপাদন কৰ্তন কৰিছে। শেহতীয়াকৈ ছৌদি আৰবে ইয়াক আৰু হ্ৰাস কৰাৰ কথা কৈছে। কিন্তু কেন্দ্ৰৰ মতে খাৰুৱা তেলৰ যোগানত কোনো সমস্যা নহ’ব, মূল্য বৃদ্ধিও নহ’ব।