৮ কোটি ৪৯ লাখ টকা লুণ্ঠন কৰি পলায়ন কৰিছিল মনদ্বীপ কৌৰে। অৱশ্যে পঞ্জাৱৰ অপৰাধ জগতত তেওঁক এই নামেৰে বহুতে চিনি নাপায়। তাত তেওঁৰ প্ৰকৃত নাম ‘ডাকু হাছিনা’। শেহতীয়াকৈ অতি কৌশলেৰে আৰক্ষীৰ জালত পৰিছে ডাকু হাছিনা ৷ গ্ৰেপ্তাৰ কৰা হৈছে মনদীপৰ স্বামী যশৱিন্দৰ সিঙকো ৷
১০ জুনত লুধিয়ানাত এক বৃহৎ ডকাইতি সংঘটিত হয়। ৮ কোটি ৪৯ লাখ টকা ডকাইতে লুট কৰি নিয়ে । আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহে যে এই ডকাইতিৰ আঁৰত আছে মনদীপ, যশৱিন্দৰৰ দল। তেতিয়াৰ পৰাই পঞ্জাৱ আৰক্ষীয়ে বিভিন্ন ঠাইত তেওঁলোকৰ সন্ধান আৰম্ভ কৰে। কিন্তু “ডাকু হাছিনা”ৰ সন্ধান উলিয়াব নোৱাৰিলে ৷
শেহতীয়াকৈ আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰিছিল যে এই ডকাইত দম্পতীয়ে লুধিয়ানাত সংঘটিত ডকাইতিত সফল হৈ নেপাললৈ পলায়নৰ পৰিকল্পনা কৰিছে ৷ অৱশ্যে দেশ এৰি যোৱাৰ আগতে তেওঁলোকে কিছুমান তীৰ্থস্থান পৰিদৰ্শন কৰি পূণ্য অর্জন কৰিব বিচাৰে। হেমকুণ্ড, কেদাৰনাথ, হৰিদ্বাৰ তেওঁলোকৰ তালিকাত আছিল। লুধিয়ানা ডকাইতিৰ সফলতাৰ পিছত তেওঁলোকে প্ৰথমে হেমকুণ্ড চাহাবৰ গুৰদ্বাৰালৈ গৈ ভগৱানক ধন্যবাদ জনোৱাৰ পৰিকল্পনা কৰিছিল।
ইতিমধ্যে উত্তৰাখণ্ডৰ চামোলী জিলাৰ হেমকুণ্ড চাহাবত উপস্থিত হৈছিল পঞ্জাৱ আৰক্ষীৰ এটা দল। তাত ‘ডাকু হাছিনা’ক ধৰিবলৈ এটা ফান্দ পাতিছিল। বহু লোকে কাপোৰেৰে মুখ ঢাকি গুৰদ্বাৰাৰ সন্মুখত যাত্ৰা কৰি আছিল। তাত আৰক্ষীয়ে বিনামূলীয়া পানীয়ৰ ব্যৱস্থা কৰিলে। গুৰদ্বাৰালৈ অহা ভক্তসকলক ১০ টকা মূল্যৰ পানীয় বিনামূলীয়াকৈ দিয়া হৈছিল। ডকাইত দম্পতীহালে পানীয় লবলৈও গৈছিল। খাবলৈ মুখৰ কাপোৰ খুলিব লগা হৈছিল। তেতিয়াই আৰক্ষীয়ে দম্পতীহালক চিনাক্ত কৰিলে।
অৱশ্যে ততাতৈয়াকৈ আৰক্ষীয়ে কৰায়ত্ব নকৰিলে মনদ্বীপ বা স্বামীকো। আৰক্ষীয়ে তেওঁলোকক গুৰদ্বাৰাত প্ৰৱেশ কৰি প্ৰাৰ্থনা কৰিবলৈ অনুমতি দিয়ে। তাৰ পৰা ওলাই অহাৰ পিছত খেদি খেদি কৰায়ত্ব কৰে দুয়োকে ৷ এই পৰ্যন্ত আৰক্ষীয়ে লুধিয়ানা ডকাইতিৰ সৈতে জড়িত ৯ জন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰু তিনিজন লোকক বিচাৰিছে। অৱশ্যে ডকাইতিৰ ‘মাষ্টাৰমাইণ্ড’ আছিল ডাকু হাছিনা । লগে লগে আৰক্ষীয়ে তেওঁলোকৰ পৰা ২১ লাখ নগদ ধন উদ্ধাৰ কৰে।