চাউলৰ পৰা আলু, পিঁয়াজৰ পৰা বিলাহী, তৈলবীজৰ পৰা গোমধানলৈকে অত্যাৱশ্যকীয় খাদ্যসামগ্ৰীৰ চলিত বর্ষত মূল্যবৃদ্ধি ঘটাৰ সম্ভাৱনা বৃদ্ধি পাইছে ৷ এই বছৰ যদি বৰষুণ কম হয় তেন্তে এই খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি পাব। মোদী চৰকাৰৰ ভিতৰত ইয়াক লৈ উদ্বেগ সৃষ্টি হৈছে। কাৰণ এই সকলোবোৰৰ উৎপাদন বাৰিষাৰ বতৰৰ ওপৰত নিৰ্ভৰশীল। উৎপাদন কম হ’লে বজাৰত দাম বাঢ়িব। আৰু তেনেকুৱা হ’লে বজাৰত সামগ্ৰিক মূল্যবৃদ্ধিও বৃদ্ধি পাব।
কেন্দ্রীয় চৰকাৰৰ এগৰাকী বিষয়াই কয়, “নিশ্চিত হোৱাৰ কোনো উপায় নাই৷ ইতিমধ্যে এইবাৰ দক্ষিণ-পশ্চিম বাৰিষাই অদ্ভুত আচৰণ কৰিছে। কেৰালাত বাৰিষা এসপ্তাহ পলমকৈ আৰম্ভ হৈছে । তাৰ পিছতো স্বাভাৱিকতকৈ বহু কম বৰষুণ হৈছে । তাৰ ওপৰত এল নিনোৱে আকৌ প্ৰভাৱ পেলাইছে ৷ যদি এল নিনোৰ ফলত বাৰিষা প্ৰভাৱন্বিত হয়, তেন্তে আমাৰ চিন্তাৰ কাৰণ আছে।”
জুন মাহলৈকে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত থাকিব পাৰে বুলি আশংকা কৰিছে মোদী চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ বিষয়াসকলে। কিন্তু হঠাৎ জুলাইৰ পৰা খুচুৰা বজাৰত আৰম্ভ হ’ব মূল্যবৃদ্ধি। ইয়াৰ কাৰণ হ’ব বৰষুণৰ অভাৱত খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি। মোদী চৰকাৰ আৰু বিজেপিৰ বাবে এয়া চিন্তাৰ কাৰণ । বছৰৰ শেষত ৰাজস্থান, মধ্য প্ৰদেশ, ছত্তীশগড়, তেলেংগানাত নিৰ্বাচন অনুষ্ঠিত হ’ব । দৈনিক খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি হ’লে বিৰোধীয়ে লক্ষ্য কৰি ল’ব মোদী চৰকাৰক।
শেহতীয়া মুদ্ৰাস্ফীতিৰ পৰিসংখ্যা অনুসৰি মে’ মাহত খুচুৰা মূল্যৰ মুদ্ৰাস্ফীতি সূচাংক ৪.২৫ শতাংশলৈ হ্ৰাস পাইছে। যিটো ২৫ মাহৰ ভিতৰত আটাইতকৈ কম। মে’ মাহত খাদ্যৰ মূল্য সূচাংক ২.৯১ শতাংশলৈ হ্ৰাস পাইছে। যিটো ১৮ মাহৰ ভিতৰত সৰ্বনিম্ন। কিন্তু ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে কয় যে বাৰিষাক লৈ এতিয়াও অনিশ্চয়তা অব্যাহত আছে। এল নিনো বা প্ৰশান্ত মহাসাগৰীয় উষ্ণ বায়ুৰ আগ্ৰাসনে ভাৰত মহাসাগৰত কিমান প্ৰভাৱ পেলাব তাৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে। অনাগত দিনত বজাৰত মূল্য বৃদ্ধিৰ হাৰ কেনেকুৱা হ’ব, সকলো নিৰ্ভৰ কৰে খাদ্য সামগ্ৰীৰ মূল্যৰ ওপৰত। ইতিমধ্যে মোদী চৰকাৰে ঘেঁহুৰ দাম নিয়ন্ত্ৰণত ৰাখিবলৈ কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় খাদ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি চৰকাৰী গুদামৰ পৰা মুকলি বজাৰত ঘেঁহুৰ লগতে চাউল বিক্ৰী কৰা হ’ব। কিন্তু বিত্ত মন্ত্ৰালয়ে কয় যে অহা কেইমাহমানৰ ভিতৰত বাৰিষাৰ ফালৰ পৰা বিপদ অব্যাহত আছে।
প্ৰশান্ত মহাসাগৰীয় উষ্ণ বায়ু এল নিনো—স্পেনিছ ভাষাত “দুষ্ট ল’ৰা”—বহু দেশৰ বতৰত আঘাত হানে। ভাৰতত ই অনাবৃষ্টিৰ সৃষ্টি কৰে ৷ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ সাধাৰণতকৈ চাৰি শতাংশ কম বৰষুণ হ’ব। যোৱা ১৫টা এল নিনো বছৰৰ ভিতৰত ১০টা বছৰত বৰষুণৰ অভাৱ হৈছে। এইবাৰ আৰম্ভণিৰে পৰা বৰষুণ কম। জুন মাহত যদি সাধাৰণতকৈ এক চতুৰ্থাংশ কম বৰষুণ হয় তেন্তে গোটেই ঋতুটোৰ বাবে কম বৰষুণৰ আশংকা থাকে। ইয়াৰ ফলত চাউল, আলু, তৈলবীজ, পিঁয়াজ, বিলাহীৰ উৎপাদন হ্ৰাস পোৱাৰ আশংকা কৰিছে খাদ্য মন্ত্ৰালয়ে। দামও বৃদ্ধি পাব।