বিবাহ বুলিলেই যেন ৰাজকীয় কৰাবাৰ ৷ দৰা কইনাৰ সাজ-পোছাকৰ পৰা আৰম্ভ কৰি অতিথিসকলৰ বাবে ভোজলৈকে সকলোতে বিশেষ আয়োজন কৰা হয় ৷ কিন্তু কানাডাৰ এখন বিয়াৰ খাদ্যই সামাজিক মাধ্যমত চর্চা লাভ কৰিছে ৷ বিয়াখনৰ খাদ্যৰ তালিকাত আছিল মেকড’নাল্ডছৰ চীজবাৰ্গাৰ, ফ্ৰেঞ্চ ফ্ৰাই ৷
১৫ অক্টোবৰত জাষ্টিনৰ সৈতে বিবাহপাশত আবদ্ধ হয় ৩২ বছৰীয়া ইজি বাৰেটোৱে। টৰন্টোৰ যুৱতীগৰাকীয়ে কয় যে তেওঁলোকে অতিৰিক্ত বিয়াৰ অনুষ্ঠানৰ পৰিৱৰ্তে সাধাৰণ বিয়াৰ অনুষ্ঠান আয়োজন কৰিব বিচাৰিছিল। যাৰ বাবে ভোজনৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাছিল । ইয়াত আছিল ১০০ টাকৈ মেকড’নাল্ডছৰ ডাবল চীজবাৰ্গাৰ আৰু চিকেন। ইয়াৰ লগত আছিল এশ পঞ্চাশটা পেকেট ফ্ৰেঞ্চ ফ্ৰাই। অৱশ্যে এই খাদ্য লাভ কৰি অতিথিসকল অতিশয় আনন্দিত হয়। ইয়াৰ বাবদ ব্যয় হৈছিল ৬০ হাজাৰ টকা।
ব্যয়বহুল ভোজৰ সলনি ফাষ্ট ফুডৰ সৈতে অতিথি সেৱা কিয়? সংবাদ মাধ্যমৰ এই প্ৰশ্নৰ উত্তৰত ইজিয়ে কয় –‘ বিয়াৰ দিনা আমি এনেকুৱা কাম কৰিব বিচাৰিছিলো যিটো পৰম্পৰাগত নহয়। মই জানিছিলোঁ যে এনেকুৱা খাদ্য খাই অতিথিসকলৰ প্ৰতিজনেই সুখী হ’ব। অলপ মজাৰ বাবেই এই ধৰণৰ পাৰ্টি আয়োজন কৰিলোঁ।” জাষ্টিনেও পত্নীৰ কথাত সন্মতি দিলে। তেওঁ কয় “অনেকে আনৰ মন ৰাখিবলৈ ৰীতি-নীতি পালন কৰে। কিন্তু সেইদিনা আমাৰ বিয়া আছিল। মনে যি বিচাৰিছিল তাকেই কৰিলোঁ।“