মৰিঢল মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী নন্দিতা শইকীয়াক শেষ শ্ৰদ্ধাঞ্জলি জনাই উভটি আহোতে এজন যুৱকে মৃত্যুক সাৱটি ললে।
বুধবাৰে নিশা সংঘটিত হোৱা এক পথ দূৰ্ঘটনাত নিহত হ’ল জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চিলাপথাৰ আঞ্চলিক সমিতিৰ সভাপতি অনুপম বৰুৱাৰ।
ঘটনা অনুসৰি বুধবাৰে অনুপমে ডিব্ৰুগড়ত মৃত্যু হোৱা নন্দিতাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি মৰিঢলৰ পৰা চিলাপথাৰৰ বৰপথাৰত থকা ঘৰলৈ আহি থকা অৱস্থাত চলাই অহা মটৰচাইকেল খন দুৰ্ঘটনাত পতিত হ’য়।
গুৰুত্বৰভাৱে আহত হোৱা অনুপমক চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নিয়া হৈছিল যদিও বৃ্হস্পতি বাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে ছাত্ৰ নেতা জনে।
ক্ৰমাগতভাৱে দুজনকৈ ছাত্ৰ-ছাত্ৰীৰ অনাকাংক্ষিত মৃত্যুয়ে এতিয়া সমগ্ৰ চিলা পথাৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে।