উত্তৰ-পূব সীমান্ত ৰে’লৱেই বিভাগে চিনাক্ত কৰা পৰ্যটনৰ সম্ভাৱনা থকা দুটি জনপ্ৰিয় পথত ভিষ্টাডোম পৰ্যটকৰ বাবে বিশেষ ৰে’ল সেৱা আৰম্ভ হ’ব।ইয়াৰে এটা হৈছে গুৱাহাটী-নিউ হাফলঙৰ মাজত আৰু আনটো হৈছে নিউ জলপাইগুৰি –আলিপুৰদুৱাৰ জংচনৰ মাজত।
উত্তৰ পূব সীমান্ত ৰে’লৱে বিভাগৰ মহাপ্ৰৱন্ধক অংশুল গুপ্তাই জনোৱা মতে এই সেৱা অহা ২৮ আগষ্টৰ পৰা আৰম্ভ হ’ব। ভিষ্টাডোম ৰে’ল খন অত্যাধুনিক কাঁচৰ খিৰিকী আৰু সকলো কাঁচৰ আৱৰণেৰে সজ্জিত কৰা হৈছে।
য’ত পৰ্যটক সকলে মুকলি আকাশ, পাহাৰ, সুৰংগ,দলং আৰু সেউজীয়া অৰণ্যৰ ৩৬০ ডিগ্ৰীৰ দৃশ্যমান লাভ কৰিব। ইয়াত পৰ্যটনস্থল দৰ্শনৰ উদ্দেশ্যে পৰ্যবেক্ষণ লাউঞ্জো থাকিব।লগতে ডবাৰ ঘুৰ্ণন আসনবোৰ যাত্ৰী সকলক অতিৰিক্ত আৰাম প্ৰদান কৰিব।
কোচ সমূহত ডিজিটেল মনোৰঞ্জন প্ৰণালী আৰু ৱাই-ফাই সুবিধাও প্ৰৱৰ্তন কৰা হৈছে।পৰ্যটক সকলে চলচ্চিত্ৰ,সংগীত,ভিডিঅ’ আদিৰ দৰে সকলো উপভোগ কৰি ভ্ৰমণ কৰিব পাৰিব।
আনকি যাত্ৰী সকলৰ সুৰক্ষাৰ বাবে চি চি টিভি কেমেৰা,ফায়াৰ এলাৰ্ম আদিও স্থাপন কৰা হৈছে।অৱশ্যে আৰম্ভণিতে এই সেৱা সপ্তাহত দুদিন অৰ্থাৎ বুধবাৰ আৰু শনিবাৰে চলাৰ ব্যৱস্থা কৰা হৈছে।আৰু মান্দেৰদিছা,মাইবংত ষ্টপেজ ষ্টেচন থাকিব।
ইয়াৰোপৰি এই ৰে’ল খন গুৱাহাটীৰ পৰা পুৱা ৬.৩৫ যাত্ৰা কৰি উত্তৰ কাছাৰ পাহাৰীয়া অঞ্চলৰ মাজেৰে ২৬৯ কিলোমিটাৰ পথ অতিক্ৰম কৰি ১১.৫৫ বজাত নিউ হাফলঙত উপস্থিত হ’ব।