ঋতু পৰ্ণ শৰ্মা,নগাঁও,২২জুন:–নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত খলিহামাৰীত বুধবাৰে নিশা গৰুচোৰৰ গাড়ীৰ প্ৰচণ্ড খুন্দাত এহাল দম্পত্তিৰ কৰুণ মৃত্যুৱে জোকাৰি গৈছে সমগ্ৰ অঞ্চল । নিৰ্মম ঘটনাত প্ৰাণ হেৰুওৱা দম্পত্তি হৈছে ৰহাৰ খলিহামাৰীৰ ভদ্ৰেশ্বৰ নাথ(৬০) আৰু তেওঁৰ পত্নী সীমা দেৱী (৫৫) । প্ৰাপ্ত বাতৰি মতে বুধবাৰে নিশা প্ৰায় ১ বজাত চাৰিজনীয়া চোৰৰ এটি দলে AS 11 L 7795 নম্বৰৰ ফ’ৰ্ড ইক’ স্পৰ্ট বিলাসী বাহনখনেৰে আহিছিল গৰু চোৰ কৰিবলৈ। খলিহামাৰীত এঘৰ লোকৰ গোহালিৰ পৰা এজনী গাই চুৰি কৰি বাহনখন ভৰাই পলায়ন কৰিবলৈ চেষ্টা কৰোঁতেই গৃহস্থই সাৰ পাই চিঞৰ-বাখৰ কৰে । সেই মুহূৰ্ততে স্থানীয় ৰাইজ ওলাই আহি পলায়ন কৰিব খোজা গাড়ীখন ৰখাবলৈ চেষ্টা কৰোঁতেই তীব্ৰ বেগী বাহনখনে মহতিয়াই নিয়ে পথৰ কাষত ৰৈ থকা দুই পতি-পত্নীক । লগে লগে চোৰৰ ফ’ৰ্ড ইক’ স্পৰ্ট বাহনখনো বাগৰি পৰে দ খাৱৈত । পাছত গাড়ীৰ তলৰ পৰা উদ্ধাৰ কৰা হয় ভদ্ৰেশ্বৰ নাথৰ মৃতদেহ ।
গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰা হয় ভদ্ৰেশ্বৰ নাথৰ পত্নী সীমা দেৱীক । আহত মহিলাগৰাকীক মৃত্যুঞ্জয় ১০৮ৰে চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসালয়তে মৃত্যুক সাৱতি লয় । ইপিনে দুৰ্ঘটনাৰ পিছতে চোৰ কেইটা পলায়ন কৰে যদিও জংঘলত লুকাই থকা অৱস্থাত ৰাইজে কৰায়ত্ত কৰিবলৈ সক্ষম হয় এটা চোৰ । অৱশ্য আন তিনি চোৰ পলায়ন কৰে । পিছত উত্তেজিত ৰাইজে চোৰটোক উত্তম-মধ্যম দি নিশাই আৰক্ষীক গতাই দিয়ে । উল্লেখ্য যে ধৃত চোৰটো হৈছে নগাঁৱৰ ৰূপহীৰ নাজিৰ হুছেইন । ইপিনে পুঁৱতি নিশা আৰক্ষীয়ে ৰহাৰ কামগাঁৱৰ পৰা চামগুৰিৰ খাইৰুল ইছলাম নামৰ আন এটা চোৰক আটক কৰে । দুটা চোৰ এতিয়াও পলাতক হৈ আছে । ইপিনে ৰাইজে উত্তম-মাধ্যম শোধোৱাত নাজিৰ হুছেইন নামৰ চোৰটোৰো মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । মৰণোত্তৰ পৰীক্ষাৰ অন্তত দুই পতি-পত্নীৰ মৃতদেহ ঘৰলৈ অনাৰ লগে লগে অঞ্চলত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় । পিছত ৰাইজে দুখন চিতাত দুই পতি-পত্নীক সৎকাৰ কৰে। ৰাইজে আৰক্ষী প্ৰশাসন আৰু গাঁওৰক্ষী বাহিনীক তীব্ৰ সমালোচনা কৰি কেৱল জীৱ-জন্তুৰেই নহয়,জনসাধাৰণ আজি চোৰৰ পৰা চৰম নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে বুলি কঠোৰ সমালোচনা কৰি গাঁওৰক্ষী বাহিনীক সক্ৰিয় কৰিবলৈ প্ৰশাসনক দাবী জনাইছে । ঘটনাটোৱে অঞ্চলটোত তীব্ৰ উত্তেজনাৰ লগতে শোকস্তব্ধ কৰি তুলিছে অঞ্চলবাসীক ।