অহা মাহৰ পৰা আৰম্ভ হ’ব অমৰনাথ যাত্ৰা। ইয়াৰ পূৰ্বে কাইলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জম্মু-কাশ্মীৰলৈ গৈ নিৰাপত্তা ব্যৱস্থা পৰিদৰ্শন কৰাৰ উপৰিও কেইবাটাও আন্তঃগাঁথনি উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰিব। তাত শনিবাৰে পুৱা কটোৱাৰ পাছত দুপৰীয়া দিল্লীলৈ উভতি আহিব ৷
কাইলৈ শ্বাহে মৃত্যু বাৰ্ষিকীত জম্মুৰ ত্ৰিকোটনগৰত জন সংঘৰ প্ৰতিষ্ঠাপক শ্যামপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তিত মাল্যার্পণ কৰি কার্যসূচী আৰম্ভ কৰিব। জম্মু-কাশ্মীৰৰ সৈতে জড়িত ৩৭০ অনুচ্ছেদ বাতিলৰ দাবীত শ্যামা প্ৰসাদে আৰম্ভ কৰা আন্দোলনে নৰেন্দ্ৰ মোদীৰ কার্যকালত বাস্তৱ ৰূপ পাইছিল ৷ কাইলৈ এই অনুষ্ঠানৰ পিছত শ্বাহে কেইবাটাও কেন্দ্ৰীয় প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ কথা। ইয়াৰ ভিতৰত গুৰুত্বপূৰ্ণ হৈছে ছাম্বাত নিৰ্মাণ হ’বলগীয়া কেন্দ্ৰীয় ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰৰ ভেটি স্থাপন অনুষ্ঠান। বিয়লি শ্ৰীনগৰ পোৱাৰ পিছত শ্বাহে তাত থকা বিশিষ্ট ব্যক্তিসকলক সৈতে সাক্ষাৎ কৰিব। লগতে নিশা কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ৰ ‘বিস্তাৰা’ নামৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
সূত্ৰ অনুসৰি বতৰ ভাল হ’লে শনিবাৰে পুৱা বল্টাললৈ যোৱাৰ কথা আছে শ্বাহৰ। অমৰনাথৰ পথত এইটো এটা গুৰুত্বপূৰ্ণ কেন্দ্ৰ। শেহতীয়াকৈ শ্বাহে দিল্লীত এখন বৈঠক আহ্বান কৰি অমৰনাথ তীৰ্থযাত্ৰীসকলৰ সুৰক্ষাৰ বিষয়ে বৈঠক অনুষ্ঠিত কৰিছিল ৷ সেই বৈঠকত তেওঁ সীমান্তৰ বাহিৰেও ত্ৰুটিহীন নিৰাপত্তাৰ সৈতে সমগ্ৰ যাত্ৰাটো সামৰি ল’বলৈ নিৰ্দেশ দিছিল। আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে এয়া অন্তিম অমৰনাথ যাত্ৰা। স্বাভাৱিকতে কেন্দ্ৰৰ ৰাজনৈতিক নেতৃত্বই যাতে সমগ্ৰ বিষয়টো সুচাৰুৰূপে আগবাঢ়ি যায় তাৰ বাবে চেষ্টা চলাইছে। সেয়ে শ্বাহেও বল্টাললৈ গৈ নিৰাপত্তাৰ দিশ পৰীক্ষা কৰাৰ কথা।