ছিংগাপুৰৰ এটা চাইবাৰ ছিকিউৰিটি ফাৰ্মৰ তথ্য অনুসৰি অনলাইনযোগে এক লাখৰো অধিক চাটজিটিপি(‘ChatGTP’) ব্যৱহাৰকাৰীৰ তথ্য ফাদিল হৈছে। তেওঁলোকৰ মতে, অধিকাংশ তথ্য ফাদিল হৈছে ভাৰতীয় আৰু পাকিস্তানী ব্যৱহাৰকাৰীৰ।
চাটজিটিপিৰ জৰিয়তে লেখা, ছ’চিয়েল মিডিয়া পোষ্ট, ৰচনা, ক’ড বা ই-মেইল লিখিব পাৰে। চাটজিটিপি হৈছে ইণ্টাৰনেটত বিভিন্ন ভাষাত যোগাযোগ কৰিব পৰাকৈ ডিজাইন কৰা কৃত্ৰিম বুদ্ধিমত্তা ভিত্তিক কম্পিউটাৰ প্ৰগ্ৰেম। ছিংগাপুৰৰ চাইবাৰ নিৰাপত্তা সংস্থাই জনোৱা মতে, ‘ডাৰ্ক ৱেব’ত বিক্ৰী হৈ থকা ১,০১,১৩৪জন ‘চেটজিপিটি’ ব্যৱহাৰকাৰীৰ তথ্যৰ বিষয়ে জানিব পৰা গৈছে। ‘ডাৰ্ক ৱেব’ হৈছে ইণ্টাৰনেটৰ বাহিৰত সাধাৰণ ব্যৱহাৰকাৰীৰ হাতত থকা ইণ্টাৰনেটৰ অংশ।
ছিংগাপুৰস্থিত এই প্ৰতিষ্ঠানটোৰ মতে গ্ৰাহকৰ তথ্য ফাদিলৰ ক্ষেত্ৰত ভাৰত আৰু পাকিস্তান শীৰ্ষত আছে। ভাৰতৰ ১২,৬৩২ আৰু পাকিস্তানৰ ৯,২১৭ গ্ৰাহকৰ তথ্য ফাদিল হৈছে। এই তালিকাৰ তৃতীয়খন দেশ ব্ৰাজিল। সেই দেশৰ ৬৫৩১জন গ্ৰাহকৰ তথ্য ফাদিল হৈছিল। তেওঁলোকে লগতে দাবী কৰে যে গ্ৰাহকৰ অধিকাংশ তথ্য এছিয়া-পেচিফিক অঞ্চলত ব্যৱসায় কৰা হয়।