ঋতু পৰ্ণ শৰ্মা,নগাঁও,২৪জুন:–ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে অৱসৰৰ শেষৰ দিনটোতে সকলো যাবতীয় নথি-পত্ৰৰ সৈতে পেঞ্চনৰ সময়ত পাবলগীয়া সকলো টকা-পইচাৰ নিৰ্দেশনা আদি লাভ কৰিব বুলি স’ততে চৰকাৰীভাৱে ঢাক-ঢোল বজাই থাকিলেও বৰ্তমানে তেনে নিৰ্দেশনা প্ৰহসনতহে পৰিণত হৈছে নগাঁও জিলাৰ এজন অৱসপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত । জিলাখনৰ মৰিকলং নিবাসী এইগৰাকী চৰকাৰী কৰ্মচাৰীয়ে নিজৰ চাকৰি জীৱনৰ নিজৰেই কৰ্মচাৰী ভবিষ্যৎ নিধিত সঞ্চয় হোৱা টকা কেইটাও উলিয়াবলৈ তাত-বাতি কৰি কৰি কোনো ফল নোপোৱাত হতাশাৰ মাজেৰে দিন অতিবাহিত কৰিব লগীয়াত পৰিছে । নগাঁও জলসিঞ্চন বিভাগৰ যান্ত্ৰিক সংমণ্ডলৰ অৱসপ্ৰাপ্ত কৰ্মচাৰী ভৱকান্ত শইকীয়াই যোৱা ২০২০চনৰ ২৯ মাৰ্চত চৰকাৰী চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। অৱসৰ গ্ৰহণৰ দিনাই পেঞ্চনৰ সকলো যাৱতীয় নথি-পত্ৰ পোৱাৰ যিহেতু এটা চৰকাৰী নিয়ম খোদ মুখ্যমন্ত্ৰীৰ তৎপৰতাত ৰূপায়ণ হৈছে,তৎস্বত্বেও আজি পৰ্যন্ত নিজৰ সাঁচতীয়া পইচা কেইটাৰ মুখ দেখিবলৈ সক্ষম হোৱা নাই এইগৰাকী অৱসৰপ্ৰাপ্ত নিষ্ঠাবান কৰ্মচাৰীয়ে । এ জি অফিছৰ জি পি এফ নম্বৰ ২০২৬৬ ত ভৱকান্ত শইকীয়াই গুৱাহাটীৰ হিচাপ মহাপৰিদৰ্শকৰ (এ জি অফিছ) কাৰ্যালয়লৈ যোৱা তিনি বছৰ তিনি মাহত সঘনাই অহা-যোৱা কৰি কৰি সম্প্ৰতি ভাগৰি পৰিছে ৷ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীজনে গুৱাহাটীৰ এ জি অফিছত দায়িত্বৰত বিষয়াক তেওঁৰ জি পি এফৰ টকা সাঁচতীয়া টকা কেইটাৰ খবৰ কৰিবলৈ যেতিয়াই বাটকুৰি বাই যায় তেতিয়াই তেওঁলোকৰ পৰা এটাই উত্তৰ লাভ কৰে কেৱল “আপোনাৰ অৰ্ডাৰ কপি পঠোৱা হ’ল”। কিন্তু ভৱকান্ত শইকীয়াই পাৰ্চনেল কপি বা ট্ৰেজাৰী কপি একো বৰ্তমানলৈকে লাভ নাই বুলি যদি কয় তেতিয়া এ জি অফিচৰ পৰা কয় যে তেনেহ’লে আপোনাৰ এই পইচা উঠোৱা নাই বুলি দায়িত্বৰত ইঞ্জিনীয়াৰৰ পৰা লিখাই আনক । ইফালে,সম্প্ৰতি নগাঁৱৰ এই কাৰ্যালয়টি বৰ্তমান বোকাখাতলৈ তুলি নিয়াত ভৱকান্ত শইকীয়াই বেমাৰী দেহাৰেই সেই কাগজো সংগ্ৰহ কৰি আনিলে যদিও আজিকোপতি একো ফল নাপালে। উল্লেখ্য যে,শাৰীৰিক অসুস্থতাৰ বাবেই সম্প্ৰতি ভৱকান্তই এটি চকুৰে প্ৰায় নেদেখা অৱস্থা। হায়দৰাবাদৰ এল ভি প্ৰসাদ আই প্ৰতিষ্ঠানত দেখাই আহিল যদিও কোনো সুফল নোপোৱাত বৰ্তমান গুৱাহাটীৰ এপ’ল’ত চিকিৎসা কৰি আছে। চকুটোৰ চিকিৎসাৰ বাবেও তেওঁক এতিয়া বহু টকাৰ প্ৰয়োজন । দুটাকৈ সন্তানৰ উচ্চ শিক্ষাৰ বাবেও প্ৰয়োজন যথেষ্ট ধনৰ । সেয়ে ভুক্তভোগী ভৱকান্ত শইকীয়াই এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কৰযোৰে অনুৰোধ কৰি এ জি অফিচৰ দায়িত্বৰত বিষয়া-কৰ্মচাৰীৰ এই ধৰণৰ কাম-কাজত হস্তক্ষেপ কামনা কৰাৰ লগতে আশা কৰিছে মুখ্যমন্ত্ৰীয়ে তেওঁৰ এই কাতৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অৱসৰপ্ৰাপ্ত সহস্ৰাধিক চৰকাৰী কৰ্মচাৰীৰ দুৰ্ভগীয়া পৰিয়ালবোৰক উপকৃৃৃত কৰিব ।