তীব্ৰ প্ৰতিবাদৰ পাছত কেন্দ্ৰই পশু আৰু পশুজাত সামগ্ৰী আমদানি-ৰপ্তানি আইনৰ খচৰা সংশোধনী প্ৰত্যাহাৰ কৰে। খচৰা বিধেয়কখনত জীৱ-জন্তুৰ ৰপ্তানিৰ অনুমতি, কুকুৰ-মেকুৰীক আইনৰ অধীনত অনাৰ লগতে ৰাজ্যসমূহৰ পৰা কিছু নিয়ন্ত্ৰণ অধিকাৰ কাঢ়ি লোৱাৰ প্ৰস্তাৱ দিয়া হৈছিল। ইয়াৰ উপৰিও খচৰা আইনখনত জীৱ-জন্তুক ‘সামগ্ৰী’ বুলি অভিহিত কৰা হৈছে।
যোৱা ৭ জুনত কেন্দ্ৰীয় পশুপালন মন্ত্ৰালয়ে জনমতৰ বাবে খচৰা বিধেয়কখন প্ৰকাশ কৰে। তীব্ৰ প্ৰতিবাদৰ মাজতে ২০ জুনত তেওঁলোকে খচৰা প্ৰত্যাহাৰ কৰে। কাৰ্যালয় স্মাৰকপত্ৰত মন্ত্ৰালয়ে কয়, “আলোচনাৰ সময়ত উপলব্ধি কৰা হৈছিল যে খচৰা বুজিবলৈ পৰ্যাপ্ত সময়ৰ প্ৰয়োজন। বহুতে পশু কল্যাণ আৰু আনুষংগিক বিষয়ক লৈ উদ্বেগ প্ৰকাশ কৰি চিঠি লিখিছে। সেয়েহে অধিক আলোচনাৰ প্ৰয়োজন।“
পশু অধিকাৰ কৰ্মী গৌৰী মাওলেখীৰ মতে, “পণ্য সামগ্ৰীৰ আৱৰণত পশু আমদানি আৰু ৰপ্তানি কৰাটো পশু নিষ্ঠুৰতাৰ প্ৰমাণ। বহু ভাৰতীয় জীৱ-জন্তুৰ বাবে অনুপযুক্ত জলবায়ু থকা দেশলৈ ৰপ্তানি কৰা হৈছে।” পশু অধিকাৰ সংস্থাৰ মুৰব্বী ভাৰতী ৰামচন্দ্ৰনৰ মতে, “এই বিধেয়কখনে ভাৰতত মাংস আৰু অন্যান্য কামত পালন কৰা লাখ লাখ জীৱ-জন্তুক নিষ্ঠুৰতা ফালে ঠেলি দিব ৷ৰাষ্ট্ৰসংঘৰ ২০২১ চনৰ হিচাপ অনুসৰি মাংসৰ চাহিদা পূৰণৰ বাবে বছৰি প্ৰায় ২০ লাখ জীৱ-জন্তু বিভিন্ন দেশলৈ ৰপ্তানি কৰা হয়।”
উল্লেখ্য যে বিভিন্ন আমদানি-ৰপ্তানি নীতিৰ জৰিয়তে এতিয়া ভাৰতৰ পৰা কোটি কোটি টকাৰ ভেড়া, ছাগলী, গৰু, হাঁহ, কুকুৰা ৰপ্তানি কৰা হৈছে। বিশ্ব বেংকৰ তথ্য অনুসৰি ভাৰত বিশ্বৰ ভিতৰতে দ্বিতীয় বৃহত্তম ছাগলীৰ ৰপ্তানিকাৰী দেশ। পশ্চিম এছিয়ালৈ ছাগলী ৰপ্তানি কৰা হয়। ভাৰতীয় বন্দৰসমূহে সফলতাৰ উদাহৰণ হিচাপে খনিজ পদাৰ্থৰ লগতে জীয়া প্ৰাণীৰ ৰপ্তানিৰ তথ্য উল্লেখ কৰে।
পশুপ্ৰেমীসকলৰ মতে, এই খচৰা বিধেয়কত মেকুৰী আৰু কুকুৰৰ অন্তৰ্ভুক্তিয়ে প্ৰতিবাদ তীব্ৰতৰ কৰি তুলিছে। কাৰণ, কুকৰ -মেকুৰী পোহনীয়া জন্তু হিচাপে ধৰা হয় ৷ তথাপিও বিভিন্ন নীতিৰ অধীনত ৰপ্তানি কৰা গৰু, ম’হ, গাহৰি আৰু ছাগলীবোৰে বাটত নিষ্ঠুৰতাৰ সন্মুখীন হ’বলগীয়া হৈছে বুলি দাবী কৰে পশুপ্ৰেমীসকলে। কাৰণ, পিঞ্জৰাত আৱদ্ধ কৰি যিদৰে জাহাজেৰে পঠিওৱা হয়, বহু ক্ষেত্ৰত উশাহ ল’বলৈও জীৱ-জন্তুৰ কষ্ট হয় ৷ বহু ক্ষেত্ৰত মানুহৰ লগতে জীৱ-জন্তুও পৰিবহণ কৰা হয়, গতিকে মানুহৰ শৰীৰত সংক্ৰমণৰ আশংকা থাকে।