সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অন্য এক সাফল্য কঢ়িয়াই আনিলে অসম কন্যা আকাংক্ষাই।উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে বিশেষ খ্যাতিৰে এই সাফল্য কঢ়িয়ালে এইগৰাকী যুৱতীয়ে।
গুৱাহাটীৰ জীয়ৰী আকাংক্ষা চৌধুৰীয়ে সৰ্বভাৰতীয় বায়ুসেনাৰ পৰীক্ষাত সাফল্য লাভ কৰি বায়ুসেনা যুঁজাৰু বিমানৰ লেফটেনেণ্ট হিচাপে নিযুক্তি লাভ কৰিছে।গুৱাহাটী ছয়মাইল জুৰিপাৰ নিৱাসী আলিন্দ্ৰ চৌধুৰী আৰু বেলি চৌধুৰীৰ কন্যা আকাংক্ষাৰ এই সাফল্যই পৰিয়ালৰ লগতে গুৱাহাটী বাসীলৈ আনন্দৰ জোৱাৰ কঢ়িয়াই আনিছে।
উল্লেখ যোগ্য যে ২০২১ চনৰ এপ্ৰিল মাহত অনুষ্ঠিত হোৱা এই পৰীক্ষাত মুঠ ১,২০০ গৰাকী যুৱতীয়ে সৰ্বভাৰতীয় পৰ্যায়ত বিশেষ স্থান দখল কৰাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত একমাত্ৰ আকাংক্ষাই এই বিৰল কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছে।
পাঠশালাৰ প্ৰয়াত শিক্ষাবিদ সম্পূৰ্ণানন্দ তালুকদাৰৰ নাতিনী আকাংক্ষাৰ এই সাফল্যত পাটাছাৰকুছিৰ সমূহ ৰাইজ আৰু বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আকাংক্ষাক অভিনন্দন জ্ঞাপন কৰিছে।