ভাৰতীয় সেনাবাহিনীত পাকিস্তানী নাগৰিক কর্মৰত হৈ থকাৰ অভিযোগৰ সৈতে জড়িত গোচৰৰ প্ৰাৰম্ভিক তদন্ত কৰিবলৈ চিবিআইক নিৰ্দেশ দিছে কলিকতা উচ্চ ন্যায়ালয়ে। মঙলবাৰে শুনানিত ন্যায়াধীশ ৰাজশেখৰ মন্থাই এই গোচৰৰ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিবলৈ চিবিআইক নিৰ্দেশ দিয়ে। আদালতে চিআইডিৰ লগতে চিবিআইকো বিষয়টো চোৱাচিতা কৰিবলৈ কয়। উচ্চ ন্যায়ালয়ে দেশৰ সকলো সংগঠনে একত্ৰিত হৈ দেশৰ নিৰাপত্তাৰ বাবে কাম কৰিবলৈ নিৰ্দেশ দিয়ে।
অভিযোগ অনুসৰি উত্তৰ ২৪ পৰগনাৰ বাৰাকপুৰৰ সেনা শিবিৰত দুজন পাকিস্তানী নাগৰিকে কাম কৰি আছে। তেওঁলোকৰ নাম জয়কান্ত কুমাৰ আৰু প্ৰদ্যুমান কুমাৰ। অভিযোগ অনুসৰি, পাকিস্তানৰ পৰা আহি তেওঁলোকে ভাৰতীয় সেনাবাহিনীত যোগদান কৰে। চৰকাৰী পৰীক্ষাৰ জৰিয়তেই তেওঁলোকক নিযুক্তি দিয়া হৈছে। সেই পৰীক্ষাত প্ৰয়োজনীয় নথি-পত্ৰ জাল কৰি তেওঁলোকে চাকৰি লাভ কৰিছিল । এই অভিযোগক লৈ উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছিল। ইয়াৰ পূৰ্বে ন্যায়াধীশ মান্থাই এই ঘটনাত পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আই জড়িত হোৱাৰ আশংকা প্ৰকাশ কৰিছিল।
মঙলবাৰে এই গোচৰত ন্যায়াধীশ মান্থাই দিয়া মন্তব্যত কয় যে চিআইডিৰ প্ৰাৰম্ভিক তদন্তত যি উন্মেষ ঘটিছে সেয়া অতি গুৰুত্বপূৰ্ণ। এই ঘটনাৰ গভীৰতা অনুমান কৰিব নোৱাৰি। উত্তৰ প্ৰদেশ, বিহাৰ, অসমকে ধৰি বহু ৰাজ্যৰ সংযোগ আছে । ছপাশাল চিনাক্ত কৰা হৈছে । য’ত ডমিচাইল চাৰ্টিফিকেটকে ধৰি ভুৱা নথি-পত্ৰ ছপা কৰা হয়। ন্যায়াধীশগৰাকীয়ে কয়, সেনা, চিবিআই আৰু চিআইডিয়ে একেলগে কাম কৰিব লাগিব। চি আই ডিয়ে সংগ্ৰহ কৰা তথ্য সেনাবাহিনীক দিব লাগে। সেনাই ইয়াক নিৰীক্ষণ কৰি প্ৰয়োজন হ’লে প্ৰতিবেদন দিব পাৰে। পৰৱৰ্তী শুনানিত চিবিআই আৰু চিআইডিয়ে তদন্তৰ অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰিব লাগিব। এই গোচৰৰ পৰৱৰ্তী শুনানি ২৬ জুলাইত অনুষ্ঠিত হ’ব।
হুগলীৰ বাসিন্দা বিষ্ণু চৌধুৰীয়ে ৬ জুনত উচ্চ ন্যায়ালয়ত এই গোচৰ ৰুজু কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী বাছনি আয়োগৰ (SSC GD) পৰীক্ষাৰ জৰিয়তেহে ভাৰতীয় সেনাৰ বিভিন্ন পদত কেইবাজনো পাকিস্তানী নাগৰিকে চাকৰি লাভ কৰি থকা বুলি অভিযোগ কৰে। ইয়াৰে বেৰাকপুৰত কৰ্মৰত হৈ আছে দুয়োজন। এই নিযুক্তিৰ আঁৰত বহু ৰাজনৈতিক নেতা, প্ৰভাৱশালী ব্যক্তি, আনকি আৰক্ষী আৰু স্থানীয় পৌৰসভাও ইয়াৰ লগত জড়িত থকাৰ অভিযো উত্থাপন কৰিছিল ৷