ত্ৰিপুৰাৰ ৰথযাত্ৰাৰ সময়তে বিদ্যুৎস্পৃষ্ট হৈ ৭ জন ভক্তৰ মৃত্যুৰ চাঞ্চল্য মাৰ নৌযাঁওতেই অনুৰূপ ঘটনা সংঘটিত হৈছে উৰিষ্যাত। তিনিজন লোক বিদ্যুতৰ তাঁৰত ৰথৰ ওপৰ অংশই স্পৰ্শ কৰাত বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ হেৰুওৱাব লগীয়া হয় । বুধবাৰে ওড়িশাত সংঘটিত দুটা পৃথক ঘটনাত ৰথৰ বিদ্যুৎস্পৃষ্ট হৈ তিনিজন লোকৰ মৃত্যু হয়। ইয়াৰ উপৰিও পুৰীত জগন্নাথৰ ৰথ টানি থকা ৰছী ছিঙি কেইবাজনো লোক আহত হয়।
বুধবাৰে উল্টাৰথ উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তত ৰথ টানি উৎসৱ পালন কৰা হয়। ওড়িশাৰ কেওনঝাৰ আৰু কোৰাপুট জিলাত সংঘটিত হৈছে দুটা পৃথক ঘটনা। কেওনঝাৰত জগন্নাথৰ ৰথৰ ওপৰ অংশ পথৰ বিদ্যুতৰ তাঁৰৰ সংস্পৰ্শলৈ অহাত ৰথত থিয় হৈ থকা দুজন ব্যক্তি বিদ্যুৎস্পৃষ্ট হয়। থিতাতে মৃত্যু হয় দুয়োৰে। নিহত দুজন হৈছে কিশোৰ বাৰিক (৪৫) আৰু বৰুণ গিৰি (৫০)। ইয়াৰ উপৰিও এই ঘটনাত দুজন লোক আহত হয়।
কোৰাপুটতো একেধৰণৰ ঘটনা সংঘটিত হয়। ৰথৰ খুন্দাত বিশ্বনাথ নাইক নামৰ ২২ বছৰীয়া যুৱকৰ মৃত্যু হয়। পুৰীত উল্টাৰথ উপলক্ষে জগন্নাথৰ ৰথ টানি থাকোঁতে ৰথৰ ৰছী ছিগি যায়। এই ঘটনাত ৬ জন লোক আহত হয়। হঠাৎ যেতিয়া ৰছীডাল ছিগি যায় ভতেতিয়া ৰছীডাল টানি থকা লোকসকল চিটিকি পৰে ৷ আহতসকলক জিলা সদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
ৰথত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুৰ বাবে বিদ্যুৎ যোগান কোম্পানীটোক জগৰীয়া কৰে ৰথ যাত্ৰা সমিতিয়ে। সংশ্লিষ্ট কোম্পানীটোৰ বিৰুদ্ধে আৰক্ষী থানাতো এজাহাৰ দাখিল কৰা হৈছে। অভিযোগ অনুসৰি, ৰথ টানি থাকোঁতে সংশ্লিষ্ট অঞ্চললৈ বিদ্যুৎ যোগান বন্ধ কৰিবলৈ কোৱা হৈছিল। কিন্তু কৰ্তৃপক্ষই এই কথাত সন্মতি প্ৰকাশ কৰা নাছিল। সেইবাবেই এই ঘটনা সংঘটিত হয়।
কোৰাপুট থানাৰ আই চি কিৰণবালা সমলে জনোৱা মতে, দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল, ইয়াৰ আঁৰত কোন দায়ী, তদন্ত চলি আছে। দোষীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
বুধবাৰে ত্ৰিপুৰাত ৰথৰ বিদ্যুৎস্পৃষ্ট হৈ ৭ জন লোকৰ মৃত্যু হয়। যেতিয়া ৰথখনৰ ওপৰ অংশই এটা ওখ বিদ্যুতৰ তাঁৰ স্পৰ্শ কৰাত ৰথখনত জুই লাগে। ৰাজ্য প্ৰশাসনৰ তথ্য অনুসৰি অগ্নিকাণ্ডৰ ফলত মৃত্যু হোৱাসকলৰ ভিতৰত আছে ৩ শিশু আৰু তিনিগৰাকী মহিলা। গুৰুতৰভাৱে আহত হয় ১৬ জন লোক।