চিনেমা হলত চিনেমা আৰম্ভ হোৱাৰ আগতে দেখা দিয়া এক গুৰুত্বপূৰ্ণ বিজ্ঞাপন হৈছে ধূমপানৰ বিজ্ঞাপন। দৰ্শকক আকৰ্ষণ কৰাকৈ ডাঙৰ ডাঙৰ আখৰেৰে লিখা থাকে “ ধূমপান স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক” ।
বহুতো লোকে ধূমপানৰ প্ৰতি বেয়াকৈ আসক্ত হোৱা দেখা যায়। বহুতে এই বদ অভ্যাস ত্যাগ কৰিব বিচাৰে। কিন্তু বছৰৰ পাচত বছৰ বাগৰি যোৱাৰ পাচতো এই বদ-অভ্যাস ত্যাগ কৰিব নোৱাৰে বহুতো লোকে।
চিগাৰেট, বিড়ি আদিত থকা নিক‘টিন শৰীৰৰ বাবে অতি ক্ষতিকৰ। হাঁওফাঁওত জমা হৈ থাকে এই নিক’টিন। আনকি মুখৰ কেঞ্চাৰ হোৱাটো ই এক মুখ্য কাৰণ।
বহুতো লোকৰ মতে আকৌ চিগাৰেট নাখালে কোনো কামতেই মন নবহে। তেনে লোকৰ ক্ষেত্ৰত কোষ্ঠকাঠিন্যৰ সমস্যা , মূৰ বিষ , অৱসাদ ভাৱ আদিবোৰে দেখা দিয়ে। কিন্তু আচৰিত যেন লাগিলেও সঁচা এক তথ্য পোহৰলৈ আহিছে। প্ৰাপ্ত তথ্য মতে ধূমপান কৰা লোকে যদি নিয়মিত বিলাহী খায়, তেন্তে শৰীৰৰ ক্ষতিৰ পৰিমাণ কমি আহে।
বিশেষজ্ঞ সকলৰ মতে বিলাহীত প্ৰচুৰ পৰিমাণে কোমেৰিক এচিড আৰু ক্লৰ’জেনিক এচিড থাকে। ধূমপানৰ ফলত শৰীৰৰ যি ক্ষতি হয় , সেই ক্ষেত্ৰত বিলাহীত থকা উপাদান বোৰে সহায় কৰে। আনহাতে কেঞ্চাৰ প্ৰতিৰোধৰ ক্ষেত্ৰতো বিলাহী অতি উপকাৰী।
বিলাহীত থকা লাইক’পেন উপাদানে শৰীৰত কেঞ্চাৰৰ কোষৰ বৃদ্ধিত বাধা প্ৰদান কৰে। বিশেষকৈ পাকস্থলীৰ প্ৰস্টেট কেঞ্চাৰৰ বাবে বিলাহী বিশেষভাৱে উপযোগী। আনহাতে বিলাহী সিজাই খোৱাতকৈ কেঁচাকৈ খালে বেছি উপকাৰ পোৱা যায়। বিলাহীয়ে ছালৰ সৌন্দৰ্য বৃদ্ধিৰ ক্ষেত্ৰতো যথেষ্ট অৰিহণা যোগায়।