ঋতু পৰ্ণ শৰ্মা,নগাঁও,২৯জুন:–নগাঁও জিলাৰ বঢ়মপুৰৰ সমীপৱৰ্তী ভেৰভেৰীৰ গোঁসাইগাঁওস্থিত বিশ্বৰ সৰ্ব্বোচ্চ লিঙ্গাকাৰ শ্ৰীশ্ৰী মহামৃত্যুঞ্জয় মন্দিৰত বৃহস্পতিবাৰে ব্যক্তিগত ভ্ৰমণসূচী লৈ উপস্থিত হয় অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া ৷
বিয়লি ১:৩০ বজাত ৰাজ্যপাল গৰাকী মন্দিৰত উপস্থিত হোৱাৰ পিছতে মন্দিৰৰ কৰ্মকৰ্তাসকলৰ লগতে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী,জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ প্ৰমুখ্যে জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল ৰাজ্যপালগৰাকীৰ আগমণক লৈ ব্যস্ত হৈ পৰে ৷ মৃত্যুঞ্জয় বেদ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে মঙ্গলাচৰণ শ্লোকেৰে ৰাজ্যপালগৰাকীক আদৰণি জনায় । পাছত ৰাজ্যপালগৰাকী মন্দিৰত প্ৰৱেশ কৰি নিজৰ লগতে বিশ্ব শান্তিৰ বাবে পূজা-অৰ্চনা কৰে । ৰাজ্যপালগৰাকী মৃত্যুঞ্জয় মন্দিৰৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মস্থান বটদ্ৰৱালৈ ৰাওনা হয়
বিয়লি উপস্থিত হয় বটদ্ৰৱাত । জাতীয় সাজ পৰিধান কৰি অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হয় ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়া। ভক্তপ্ৰাণ ৰাইজৰ লগতে বটদ্ৰৱা থানৰ কীৰ্তন ঘৰত শৰাই,নৈবৈদ্য,ধূপ,বন্তি আগবঢ়াই ৰাজ্যপালগৰাকীয়ে সেৱা আগবঢ়ালে মূল গুৰু আসনৰ সন্মুখত । ইপিনে ৰাজ্যপাল কাটাৰিয়াৰ আগমণৰ বাবে সমগ্ৰ বটদ্ৰৱা থানৰ এলেকাত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলে নগাঁও জিলা প্ৰশাসনে ।
ৰাজ্যপাল গৰাকীয়ে বটদ্ৰৱা থান দৰ্শন কৰি সাংবাদিকৰ ওচৰত নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে শংকৰদেৱ আছিল ভাৰতীয় মহাজীৱনৰ অৱতাৰী পুৰুষ। সূৰ্যৰ দৰে জ্যোতিষ্মান আছিল আমাৰ গুৰু শংকৰ। গুৰু শংকৰৰ শ্ৰীচৰণত মই ভক্তিৰে প্ৰণাম নিবেদন কৰিছোঁ । সমগ্ৰ ভাৰতভূমিত মানৱ জাতিক ঐক্যৰ বান্ধোনেৰে বান্ধি ভক্তি আন্দোলনক আগবঢ়াই নিছিল গুৰু শংকৰে ।