টিহু,২৯ জুনঃ টিহু মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপিকা ড° দিপালী দাস ডেকাৰ কাব্য সংকলন “সময়” শীৰ্ষক এক গ্ৰন্থ ২৯ জুনত টিহু সাহিত্য সভাৰ উদ্যোগত টিহু ৰাজহুৱা পুথিভড়াল প্ৰেক্ষাগৃহত উন্মোচন কৰে বিশিষ্ট লেখিকা ড° ৰীণী মুদিয়াৰ ডেকাই। ভাষন প্ৰসংগত বিশিষ্ট লেখিকা গৰাকীয়ে কয় যে বৰ্তমানৰ প্ৰজন্মই ভৱিষ্যতৰ প্ৰজন্মক ভাল সময় দিব লাগিব। ইয়াৰ বাবে বৰ্তমানৰ প্ৰজন্মই এনে কাম হাতত লব লাগিব যে যি কামেৰে ভৱিষ্যৎ প্ৰজন্মই ভাল সময় লাভ কৰিব। টিহু সাহিত্য সভাৰ সভাপতি ভবেশ চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত ড° মুদিয়াৰ ডেকাই শিশু সকলক গীত মাতৰ লগতে পুথি অধ্যয়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাষন আগবঢ়ায়। সভাত আদৰণি ভাষন আগবঢ়াই টিহু সাহিত্য সভাৰ উপ সভাপতি তথা টিহু পৌৰসভাৰ উপ পৌৰপতি ড° সুৰজিৎ বৰ্মনে কয় যে কাব্য হ’ল সাহিত্যৰ এক অবিচ্ছেদ্য অংগ। ভাষন প্ৰসংগত তেওঁ অনাগত দিনত অসমীয়া ভাষা বৰ্তি থকাৰ ওপৰত গভীৰ শংকা প্ৰকাশ কৰে। টিহু সাহিত্য সভাৰ সম্পাদক ড° হেমেন ৰাজবংশীয়ে আঁত ধৰা আৰু উদ্দ্যেশ্য ব্যাখ্যা কৰা সভাখনত টিহু পৌৰসভাৰ পৌৰপতি হিমানী মজুমদাৰ, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, কাব্যগ্ৰন্থখনৰ ৰচয়িতা ড° দিপালী দাস ডেকা, টিহু সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ক্ৰমে ভৱকান্ত কলিতা,মহেশ চন্দ্ৰ শৰ্মা,শংকৰ কুমাৰ দাস আদিয়েও বক্তব্য আগবঢ়ায়। অনুষ্ঠানৰ পূৰ্বে অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে টিহু সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সোমনাথ ডেকাই। স্তোত্ৰ পাঠ কৰে নিকুমনি শৰ্মাই। অনুষ্ঠানত অৱসৰী শিক্ষয়িত্ৰী চন্দনা মেধিয়ে গীত মাত পৰিবেশন কৰে। অনুষ্ঠানত অঞ্চলটোৰ কেবাগৰাকীও গণ্য মান্য ব্যক্তি উপস্থিত থাকে।