টাইটান ছাবমেৰিন দূর্ঘটনাত পতিত হৈ ৫ জন লোকৰ প্ৰাণ হানি হোৱাৰ ঘটনাৰ ১০ দিনো পাৰ হোৱা নাই। ছাবমেৰিন পৰিচালনা কোম্পানী ‘অ’চেনগেট’ই এতিয়াও পৰৱৰ্তী অভিযানৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিয়েই আছে। ইণ্ডিপেণ্ডেণ্টৰ বাতৰি অনুসৰি এই বিজ্ঞাপনটো এতিয়াও কোম্পানীটোৰ ৱেবছাইটত উপলব্ধ ৷
আটলাণ্টিক মহাসাগৰত থকা টাইটানিক জাহাজৰ ধ্বংসাৱশেষ পৰিদৰ্শন কৰিবলৈ যোৱাৰ সময়ত টাইটান চাবমেৰিন দুৰ্ঘটনাগ্ৰস্ত হয়। ৫জন যাত্ৰীৰ মৃত্যু হয় । সংবাদ মাধ্যমৰ তথ্য অনুসৰি অহা বছৰতো এই অভিযানৰ পৰিকল্পনা কৰিছে সংস্থাটোৱে । তেওঁলোকৰ ৱেবছাইটত প্ৰকাশিত বিজ্ঞাপন অনুসৰি টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ দুটা অভিযানৰ পৰিকল্পনা কৰা হৈছে। প্ৰথমটো ২০২৪ চনৰ ১২ জুনৰ পৰা ২০ জুনলৈ। দ্বিতীয়টো ২১ জুনৰ পৰা ২৯ জুনলৈ। খৰচ হ’ব ২ লাখ ৫০ হাজাৰ ডলাৰ। ভাৰতীয় মুদ্ৰাত ২ কোটি টকা। তাৰ পৰিৱৰ্তে ছাবমেৰিন অভিযানৰ ব্যৱস্থা, থকা-খোৱা, প্ৰশিক্ষণ, অভিযানৰ বাবে সা-সৰঞ্জামৰ ব্যৱস্থা কৰিব সংগঠনটোৱে।
এই অভিযানৰ সবিশেষও বিজ্ঞাপনত দিয়া হৈছে। এইখিনিতে ক’ব পাৰি যে প্ৰথম দিনাই অন্বেষকসকলে ছেইণ্ট জনছৰ বলুকাত উপস্থিত হ’ব লাগে। তাৰ পৰাই যাত্ৰা আৰম্ভ হ’ব। টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ লৈ যোৱা হ’ব। গন্তব্য স্থানত উপনীত হ’বলৈ ৪০০ নটিকেল মাইল সাগৰত ওপঙি যাব লাগে।সংস্থাটোৱে এই অভিযান ‘অনিৰ্দিষ্টকাল’ৰ বাবে স্থগিত ৰখা হ’ব বুলি অৱগত কৰিছিল । কিন্তু সংবাদ সংস্থাটোৱে লগতে দাবী কৰে যে নিৰুদ্দেশ হোৱা ছাবমেৰিনখনৰ সন্ধান এতিয়াও চলি থকাৰ সময়তে সংস্থাটোৰ ৱেবছাইটত সহ-পাইলটৰ বিজ্ঞাপন দিয়া হৈছিল।
কানাডাৰ পূব দিশৰ নিউফাউণ্ডলেণ্ডৰ উপকূলৰ আটলাণ্টিকৰ গভীৰতাত ডুব গৈছিল টাইটান। ১৮ জুনত অ’চেনগেটে নিৰ্মাণ কৰা চাবমেৰিনখন পাঁচজন যাত্ৰীসহ সাগৰৰ ১৩ হাজাৰ ফুট গভীৰতালৈ যাত্ৰা কৰিছিল ৷ যাত্ৰা আৰম্ভ হোৱাৰ ১ ঘণ্টা ৪৫ মিনিটৰ পিছতে নিৰুদ্দেশ হয় টাইটান। নিৰুদ্দেশ হোৱা ছাবমেৰিনখন উদ্ধাৰৰ কামত জড়িত আছিল আমেৰিকা আৰু কানাডাৰ ক’ষ্ট গাৰ্ড। উত্তৰ আটলাণ্টিক মহাসাগৰত চলি আছিল এই অনুসন্ধান। ছাবমেৰিনৰ শব্দ উপলব্ধ কৰিবলৈ সোনাৰ যন্ত্ৰও স্থাপন কৰা হৈছিল। ক’ষ্ট গাৰ্ড আৰু এয়াৰ ফৰ্চৰ লগতে ৰবটটোও এই অনুসন্ধানত জড়িত আছিল। এই ৰবটটোৱেই টাইটানিকৰ ওচৰত আন এখন জাহাজৰ ধ্বংসাৱশেষ বিচাৰি পাইছিল, যাক পিছত আমেৰিকাৰ ক’ষ্ট গাৰ্ডে টাইটানৰ ধ্বংসাৱশেষ বুলি চিনাক্ত কৰিছিল। সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি চাবমেৰিনখনত ব্ৰিটিছ কোটিপতি ব্যৱসায়ী হামিছ হাৰ্ডিং, পাকিস্তানী ব্যৱসায়ী শ্বাহজাদা ডাউদ আৰু তেওঁৰ পুত্ৰ চুলেইমান, অ’চেনগেটৰ চিইঅ’ ষ্টকটন ৰাছ আৰু ফ্ৰান্সৰ নাৱিক পল হেনৰী নাৰ্জিঅ’লেট আছিল।