সংসদৰ আগন্তুক অধিৱেশনত নৰেন্দ্ৰ মোডী চৰকাৰে দেশত ইউনিফৰ্ম চিভিল কোড প্ৰৱৰ্তনৰ বাবে বিধেয়ক উত্থাপন কৰিব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। এইবাৰ সংশ্লিষ্ট সংসদীয় সমিতিৰ হৈ কেন্দ্ৰীয় আইন আয়োগ আৰু আইন মন্ত্ৰালয়ৰ মতামত বিচৰা হৈছে। ৩ জুলাইত প্ৰতিনিধি প্ৰেৰণৰ বাবে আইন আয়োগ আৰু আইন মন্ত্ৰালয়লৈ জাননী প্ৰেৰণ কৰা হৈছে।
পৰৱৰ্তী পদক্ষেপত সংসদীয় সমিতিয়ে বিধেয়কখন উত্থাপন কৰিবলৈ কেন্দ্ৰক সেউজ সংকেত দিয়াৰ সম্ভাৱনা আছে। ১৪ জুনত কেন্দ্ৰৰ দ্বাৰা নিযুক্তিপ্ৰাপ্ত ২২ নং আইন আয়োগে ইউনিফৰ্ম চিভিল কোড প্ৰৱৰ্তন সন্দৰ্ভত বিভিন্ন ধৰ্মীয় সংগঠন আৰু সাধাৰণ জনতাৰ মতামত বিচাৰিছিল। আইন আয়োগে জনাইছে যে যোৱা মঙলবাৰৰ বিয়লিলৈকে এই বিষয়ত ৮ লাখ ৫০ হাজাৰ ব্যক্তি আৰু সংগঠনে সঁহাৰি জনাইছে।
তাৎপৰ্যপূৰ্ণভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও বর্ষাকালীন অধিৱেশনৰ পূৰ্বে ইউনিফৰ্ম চিভিল কোডৰ আহ্বান জনায়। প্ৰধানমন্ত্ৰী মোডীয়ে মঙলবাৰে মধ্যপ্ৰদেশৰ ভূপালত বিজেপিৰ বুথ কমিটীৰ সভাপতিৰ সৈতে ‘মেৰা বুথ সবছে মজবুত’ কাৰ্যসূচীত ইউনিফৰ্ম চিভিল কোডক সমৰ্থন কৰে। যদি দেশৰ প্ৰতিটো সম্প্ৰদায়ৰ বাবে সুকীয়া আইন থাকে, তেন্তে দেশখন আগবাঢ়িব নোৱাৰে বুলিও মোডীয়ে প্ৰকাশ কৰিছিল ৷
প্ৰসংগক্ৰমে সংবিধানৰ ৪৪ নং অনুচ্ছেদত উল্লেখ আছে যে দেশত ইউনিফৰ্ম চিভিল কোড প্ৰৱৰ্তনৰ বাবে ৰাষ্ট্ৰই উদ্যোগ ল’ব পাৰে। অযোধ্যাৰ ৰাম মন্দিৰ, ৩৭০ বাতিল, নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰিছে মোডী চৰকাৰে। ইউনিফৰ্ম চিভিল কোড এতিয়াও প্ৰৱৰ্তন কৰা হোৱা নাই। বিৰোধীৰ এটা অংশই অভিযোগ উত্থাপন কৰিছে যে বিজেপিয়ে পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ পূৰ্বে এই ইউনিফৰ্ম চিভিল কোড প্ৰৱর্তন কৰিবলৈ চেষ্টা কৰিছে। মুছলমান সংগঠনসমূহে তেওঁলোকৰ মৌলিক অধিকাৰত হস্তক্ষেপ কৰা হৈছে বুলি আপত্তি কৰিছে।